![]()
মনোৰঞ্জনঃ
এগৰাকী অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ কণ্ঠৰে মুক্তিৰ বাবে সাজু হৈছে আন এটি ৰোমাণ্টিক গীত “নজনাকৈ”। চলিত মাহৰ ১০ তাৰিখে গীতটিক মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত, ভিডিঅ’ সহ মুক্তি পাবলগীয়া গীতটিক লৈ উৎসাহিত হৈছে তেওঁৰ প্ৰতিগৰাকী অনুৰাগী। অসমীয়াকে ধৰি কেইবাটাও ভিন্ন ভাষা ক্ৰমে ইংৰাজী, হিন্দী কাৰ্বি, বড়ো, মিছিং, নেপালী, তিৱা, দেউৰী, অৰুণাছলী, বেংগলীত কন্ঠদান কৰা বৰ্ণালী কলিতা অসমৰ জনসাধাৰণৰ বাবেই হৈছে এক স্বাভিমান। ১০ হাজাৰতকৈও অধিক গীতত কণ্ঠদান কৰিছে বৰ্ণালী কলিতাই। বৰ্ণালী কলিতাৰ সৈতে এই গীতটিত যুটীয়াভাৱে কণ্ঠদান কৰিছে আৰ্কিব শিৱমে।
“নজনাকৈ” গীতটিত সুৰ কৰিছে ৰোহিত সোণাৰে লগতে ইয়াত কথা পুনম নাথৰ। গীতটিৰ সংগীত ব্যৱস্থাপনা পৰাণ বৰকটকী (জজ)ৰ। আনহাতে, গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে ভূপেশ শইকীয়াই। ইয়াত অভিনয় কৰিছে আইমী বৰুৱা, ভায়লিনা ডেকা, আৰ্কিব শিৱম আৰু মনোজ কলিতাই। এটি প্ৰেমৰ জীয়া কাহিনীক লৈ গীতটিক শ্ৰোতা-দৰ্শকৰ মাজত উলিয়াই দিয়া হ’ব বুলি প্ৰকাশ কৰে কণ্ঠশিল্পী বৰ্ণালীয়ে।













