![]()
মনোৰঞ্জনঃ
ৰোহিট ছেট্টীৰ ব্লকব্লাষ্টাৰ ছবি “সূৰ্য়বংশী” বৰ্তমান বহুলভাৱে চৰ্চিত। ছবিখনৰ লগতে ছবিখনত সংযোজিত এটি গীতো চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। হয়, আপুনি ঠিকেই ধৰিছে। ১৯৯৪ চনত “মোহৰা” ছবিখনৰ ‘টিপ টিপ বৰসা’ শীৰ্ষক গীতটিৰ ৰিমিক্স সংস্কৰণটিক পুনৰবাৰ দৰ্শকৰ কাষলৈ লৈ আনিছে অক্ষয় কুমাৰ আৰু কেটৰিণা কাইফে। পূৰ্বতেও সেই ছবিখনৰ গীতটিত অভিনয় কৰিছিল ৰবীনা টেণ্ডন আৰু অক্ষয় কুমাৰে।
শেহতীয়াকৈ এই গীতটিৰ শ্বুটিং সময়ছোৱাৰ BTS ভিডিঅ’ এটিক ইনষ্টাগ্ৰাম যোগে আপলোড কৰে অভিনেত্ৰী কেটৰিণা কাইফে। তেওঁ আপলোড কৰা ভিডিঅ’টি কৰিঅ’গ্ৰাফাৰ ফাৰাহ খানৰ লগতে আন বহু তাৰকাই অভিনেত্ৰী গৰাকীৰ প্ৰশংসা কৰে। উল্লেখ্য যে, এই বন্ধৰ দিনকেইটাত “সূৰ্য়বংশী” ছবিখনে ৮০ কোটিতকৈও অধিক কালেকচন কৰে বুলি জানিব পৰা গৈছে।













