![]()
নিউজ ডেস্কঃ
হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলত আজি পুৱা ৯ বজাৰে পৰা ৫ শ হেক্টৰ ভূমিত উচ্ছেদ অভিযান আৰম্ভ হয়। জিলা আৰক্ষীৰ লগতে দেৰগাঁওৰ একাদশ আৰক্ষী বেটেলিয়ান, দৰং জিলাৰ খজুৱাবিলস্থিত তৃতীয় এপিটিএফ বাহিনীৰ আৰক্ষী জোৱান আৰু অৰ্ধসামৰিক বাহিনীৰ ৪ টাকৈ কোম্পানী এই উচ্ছেদ অভিযানত মোতায়েন কৰা হয়।

লগতে বনবিভাগৰ তেজপুৰ, নগাঁও, হোজাইৰ ৫ শতাধিক বিষয়া-কৰ্মচাৰী আৰু প্ৰৰ্টেকচন ফৰ্চৰ লগতে এক্সাভেটৰকে ধৰি অৰ্ধ শতাধিক ট্ৰেক্টৰ, ১০ টাৰো অধিক হাতী তথা ড্ৰোণৰ সহায় লোৱা হয়। পাগলাবস্তি, হাজিবস্তি আৰু কমৰপানী গাঁওখনৰ ২ শৰো অধিক হেক্টৰ ভূমিত আজি প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলোৱা হয়। উল্লেখ্য যে, হস্তী সংৰক্ষিত বনাঞ্চল হিচাবে স্বীকৃত বনাঞ্চলখনৰ ৫শ হেক্টৰ ভূমিত ৫ খনকৈ গাঁও পাতি বেদখলকাৰীয়ে বসতিৰ লগতে কৃষিকৰ্মৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰিছিল।
৫ খন গাঁওৰ পাগলাবস্তিত ৫৫ ঘৰ গাৰো সম্প্ৰদায়ে, হাজিবস্তিত ৬০ ঘৰ গাৰো আৰু চাকমা জনগোষ্ঠীয়ে, কমৰপানীত ২০০ ঘৰ মুচলিম সম্প্ৰদায়ে, ভেটনলাত ১৭০ ঘৰ মুচলিম সম্প্ৰদায়ে আৰু লাংচিপাইত ৪০ ঘৰ গাৰো সম্প্ৰদায়ৰ লোকে বসবাস কৰিছিল। এওঁলোকৰ প্ৰায়সংখ্যক লোকেই জিলা প্ৰশাসনৰ জাননী লাভ কৰি জাঞ্জু নামৰ ঠাইডোখৰত অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছিল আৰু যাৰ ফলত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পৰিৰ্ৱতে শান্তিপূৰ্ণভাৱে উচ্ছেদ কাৰ্য অব্যাহত থাকে।













