![]()
নিউজ ডেস্কঃ
মধ্যপ্ৰদেশৰ ভূপালৰ এখন চৰকাৰী হস্পিটেলৰ শিশু বিভাগত সংঘটিত অগ্নিকাণ্ডত নিহত হৈছে ৪টি শিশু। সোমবাৰে নিশা ভূপালৰ কমলা নেহৰু হস্পিটেলৰ শিশু বিভাগৰ আইচিইউ (পিআইচিইউ) বিভাগত সংঘটিত হয় এই অগ্নিকাণ্ড। সেই সময়ত তাত ভৰ্তি হৈ আছিল প্ৰায় ৫০টি শিশু।
জুই লগাৰ খবৰত আতঙ্কিত হৈ পৰে শিশুসকলৰ পৰিয়ালৰ লোকসকল। খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ ২৫খন গাড়ী। কেইবাঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্রণলৈ অনা হয়। কিন্তু তাৰ পূৰ্বেই মৃত্যু হয় চাৰিটা শিশুৰ।
মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে এই দুৰ্ঘটনাৰ খবৰ টুইটাৰত পোষ্ট কৰে। হস্পিটেলত উদ্ধাৰকাৰ্যৰ তদাৰক কৰে ৰাজ্যখনৰ স্বাস্থ্য আৰু শিক্ষামন্ত্রী বিশ্বাস সাৰঙে। তেওঁ কয়,
‘‘ঘটনাৰ সময়ত বিভাগটোত ৪০টি শিশু আছিল। তাৰ ভিতৰত ৩৬ জন সম্প্ৰতি সুৰক্ষিত। মৃত্যু হোৱা শিশুকেইটাৰ পৰিয়ালক ৪ লাখ টকাকৈ এককালীন অর্থ-সাহায্য প্ৰদান কৰিব চৰকাৰে।’’
লগতে কেনেদৰে ক’ৰ পৰা উক্ত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল তাৰ সন্ধানত উচ্চ পর্যায়ৰ তদন্তৰ নির্দেশ দিছে চৰকাৰে। অৱশ্যে প্রাথমিক অনুমান মতে, শ্বর্ট চার্কিটৰ কাৰণেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ভবা হৈছে।













