![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১০ হাজাৰ ১২৬ জন। সোমবাৰে এই সংখ্যা আছিল ১১ হাজাৰ ৪৫১। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪৩ লক্ষ ৭৭ হাজাৰ ১১৩ জন।
আক্রান্ত কমিলেও মঙ্গলবাৰে দেশত বাঢ়িছে দৈনিক মৃত্যু। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩৩২ জনৰ। ইয়াৰ ভিতৰত কেৱল কেৰালাতেই মৃত্যু হৈছে ২৬২ জনৰ। পশ্চিমবঙ্গ আৰু মহাৰাষ্ট্রত মৃতকৰ সংখ্যা ১০ৰ অধিক হ’লেও দেশৰ বাকী সকলো ৰাজ্যতেই সেয়া ১০ৰ কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৬১ হাজাৰ ৩৮৯ জনৰ। বৰ্তমান দেশত সক্রিয় ৰোগী আছে ১ লক্ষ ৪০ হাজাৰ ৬৩৮ জন।
কেৰালাক বাদ দি দেশৰ বাকী সকলো ৰাজ্যতেই আক্রান্তৰ সংখ্যা এক হাজাৰৰ কমত আছে। কেৰালাত বিগত ২৪ ঘণ্টাত ৫ হাজাৰ ৪০৪ জন আক্রান্ত হৈছে।













