![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁওঃসুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দুটি গীতৰ সংস্কৃত ৰূপান্তৰৰ আধাৰত সত্ৰীয়া নৃত্য প্ৰদৰ্শনেৰে দেশৰ ৰাজধানী নতুন দিল্লীত অসমৰ কৃষ্টি প্ৰতিফলিত হয় ।
উল্লেখ্য যে দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত বিভেদৰ প্ৰাচীৰ আতৰাই ভ্ৰাতৃত্ববোধ আৰু সহমৰ্মিতা বৃদ্ধিৰ লক্ষ্যৰে স্থাপিত আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠান ‘চাউথ এছিয়ান ফ্ৰেটাৰনিটি’ৰ সৌজন্যত আৰু ‘গান্ধী পীচ ফাউণ্ডেশ্বন’ৰ উদ্যোগত নতুন দিল্লীৰ লাজপত নগৰত তিনি দিনীয়াকৈ আয়োজিত ‘দক্ষিণ এছীয় বন্ধুত্ব সন্মিলন’ত ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত- ‘সাগৰ সংগমত’ আৰু ‘ৰিম ঝিম ৰিম ঝিম বৰষুণ’ৰ শিল্পী ৰঞ্জন বেজবৰুৱাই কৰা সংস্কৃত ৰূপান্তৰ( ‘সাগৰসংগমম্ তৰন্ অজস্ৰম্’ আৰু ‘ৰিম্-ঝিম্-ৰিম্-ঝিম্- বৰ্ষণে’)ৰ আধাৰত কালি ভাৰতনাট্যমৰ যশস্বী শিল্পী নগাঁৱৰ ইলোৰা বৰাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰে ।
ভাৰত, পাকিস্তান, আফগানিস্তান, নেপাল, থাইলেণ্ডকে ধৰি ভালে কেইখন দেশৰ বিভিন্ন নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰা জ্ঞান-বিদ্যা, কলা-কৃষ্টিৰ বাৰেৰহণীয়া কাৰ্যসূচী এই ‘দক্ষিণ এছীয় বন্ধুত্ব সন্মিলন’ত অসমীয়া সংগীত-নৃত্যই স্থান পোৱাটো উল্লেখনীয় বিষয় হিচাপে বিৱেচিত হৈছে।
উল্লেখ্য যে চেন্নাইৰ নৃত্য কলাক্ষেত্ৰৰ ছাত্ৰী আৰু নগাঁৱৰ নৃত্য কলাক্ষেত্ৰৰ অধ্যক্ষা নৃত্য গুৰু ইলোৰা বৰাই ইয়াৰ পূৰ্বে ছোভিয়েট ৰাছিয়াতো সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ সংস্কৃত ৰূপত ভাৰতনাট্যম্ পৰিৱেশন কৰিছিল।













