![]()
মনোৰঞ্জনঃ
‘Mystic Production House’ ৰ বেনাৰত আন এটি গীতৰ শুভমুক্তি। দীপলিনা ডেকাৰ কণ্ঠৰে “গুণ গুণ” শীৰ্ষক এটি নতুন গীতে শেহতীয়াকৈ লাভ কৰিছে জনপ্ৰিয়তা। এটি সহজ- সৰল প্ৰেম আৰু ভালপোৱাৰ অনুভৱেৰে নিৰ্মিত এই গীতটিৰ ভিডিঅ’টিয়েও খলকনি লগাইছে চচিয়েল মিডিয়াত। উক্ত প্ৰযোজনা গোষ্ঠীটোৱে ইতিমধ্যে কেইবাটাও জনপ্ৰিয় গীতৰ উপহাৰ শ্ৰোতা-দৰ্শকক দিছে। সেইবাবে একোটা গীতৰ মুক্তিয়ে প্ৰযোজনা গোষ্ঠীটোৰ অনুৰাগী সকলকো উৎসাহিত কৰি তুলিবলৈ সক্ষম হয়। ৰাহুল গৌতম শৰ্মাৰ সাৱলীল কথাত দীপলিনা ডেকাৰ সুৰীয়া কণ্ঠৰ মাদকতা আৰু পল্লৱ তালুকদাৰৰ গ্ৰহণযোগ্য সুৰ-সংগীতে গীতটিক আৰু অধিক উপভোগ্য কৰি তুলিছে।
গীতটিৰ ভিডিঅ’টিয়েও অৱশ্যে জনসাধাৰণক আকৰ্ষণ কৰিছে, কিয়নো ইয়াৰ পূৰ্বে দীপলিনা ডেকাক এনে এটি চৰিত্ৰত দেখিবলৈ পোৱা নাছিল অনুৰাগীয়ে। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু বিষয়বস্তু হৈছে দীপলিনাৰ নিজৰেই। আনহাতে, ভিডিঅ’টিত দীপলিনাৰ সৈতে অভিনয় কৰিছে প্ৰণামী বৰা আৰু প্ৰয়াস ফুকনে। দুদিনতেই লাখৰ ঘৰত ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে গীতটিয়ে।













