![]()
মনোৰঞ্জনঃ
বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে ইণ্ড্ৰাষ্ট্ৰীত সম্পূৰ্ণ ১৪ টা সফল বৰ্ষ। প্ৰথমাৱস্থাত এগৰাকী মডেল হিচাবে নিজ কেৰিয়াৰ আৰম্ভ কৰা দীপিকা পাডুকনক কেইবাটাও মিউজিক ভিডিঅ’ত দেখিবলৈ পোৱা যায়। ২০০৭ চনত তেওঁৰ কিং শ্বাহৰুখ খানৰ সৈতে প্ৰথমখন ছবি ‘ঔম শান্তি ঔম’ য়ে মুক্তি লাভ কৰে। অভিনেত্ৰী গৰাকীৰ প্ৰথমখন ছবিয়ে আছিল চুপাৰহিট। ১৪ বছৰ সম্পূৰ্ণ হোৱাত উৎসাহিত দীপিকা পাডুকনে ইনষ্টাগ্ৰাম যোগে নিজ সুখানুভূতি ব্যক্ত কৰে। ছবিখনত তেওঁৰ চৰিত্ৰ “শান্তিপ্ৰিয়া” লৈ মনত পেলাই অভিনেত্ৰী গৰাকীয়ে পোষ্টটো কৰে।
দীপিকা পাডুকন চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়। তেওঁ “ঔম শান্তি ঔম” ৰ জৰিয়তে যি সফলতাৰ জখলা বগালে, সেই জখলাৰ পৰা অভিনেত্ৰী দীপিকা পাডুকন কেতিয়াও পিছুৱাই আহিবলগীয়া হোৱা নাই।













