![]()
নিউজ ডেস্কঃ
গুৱাহাটী খানাপাৰাত বুধবাৰে পুৱাই অঘটন।বিদ্যুতস্পৃষ্ট হৈ গুৰুত্বভাৱে আহত দুজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰী।হেলথ চিটি চিকিৎসালয় সমীপত সংঘটিত হৈছিল ভয়ংকৰ ঘটনাটো।
প্ৰাপ্ত খবৰ অনুসৰি উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী লাইন মেৰামতি কৰি থকা সময়ত সংঘটিত হয় ঘটনাতো।বিদ্যুৎ বিভাগৰ চৰম গাফিলতি বাবে ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকৰ অভিযোগ।
উল্লেখ্য খুঁটা ওপৰত উঠি লাইন মেৰামতি কৰি থকা অৱস্থাতে কৰ্মচাৰী দুজন বিদ্যুৎ পৰিবাহী তাৰত লাগি বহু সময় ওলমি ৰয়।
স্থানীয় লোকৰ তৎপৰতাত লোক দুজনক সংকটজন অৱস্থাত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
বিদ্যুৎ পৰিবাহী তাৰত ওলমি ৰোৱা কৰ্মচাৰী দুজন চাদ্দাম হুছেইন, ছফিকুল ইছলাম।













