![]()
মনোৰঞ্জনঃ
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য্যৰ আৰু গীতাৱলী ৰাজকুমাৰীৰ যুগলবন্দীয়ে শেহতীয়াকৈ আজুৰিছে প্ৰতিগৰাকী দৰ্শকক। যুটীয়াভাৱে হোৱা ফটোশ্বুটৰ পিছত তেওঁলোকৰ হাঁহি-স্ফূৰ্তিয়ে চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত। দুয়োগৰাকী অভিনেত্ৰীৰে নিজ সুকীয়া স্থান আছে, তেওঁলোকৰ অভিনয়ৰ অনুৰাগীও হৈছে বহু লোক।
শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছত তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনৰ লগতে বাংলা, উৰিয়া, কানাডা আদিৰ বাবে তেওঁৰ নাম আগলৈ আহিছিল যদিও সেই প্ৰকল্পসমূহৰ বাবে অমান্ত হৈছিল অভিনেত্ৰী গৰাকী। আনহাতে, ২০১২ চনত “সাথ নিভানা সাথিয়া” ত কৰা চৰিত্ৰটোৰে দেৱলীনাই চিনাকী লাভ কৰে সকলোৰে মাজত। “গোপী বহু” ৰ বাবে তেওঁক দৰ্শকে প্ৰশংসা কৰাৰ উপৰিও কেইবাটাও বঁটা লাভ কৰে এই অভিনেত্ৰী গৰাকীয়ে।













