![]()
নিউজ ডেস্কঃ
ছট পূজাৰ আনন্দ উচাহ চলি থকাৰ সময়ত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ লোয়ারপুয়াৰ অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ বৈঠাখাল এলেকাত এপি অটো আৰু এখন লৰিৰ মুখামুখী সংঘর্ষত ১০গৰাকী লোকৰ ঘটনাস্থলীতে কৰুণ মৃত্যু হৈছে। লঙ্গাই নদীত ছটপূজা শেষ কৰি ঘৰলৈ উভতি অহাৰ সময়তে বৃহস্পতিবাৰ পুৱা ৮ মান বজাত বৈঠাখাল এলেকাত ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়াবহ দুৰ্ঘটনাত দহ গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয় ।
নিহত লোকৰ ভিতৰত শিশু-কিশোৰ আৰু মহিলাও আছে। অইন এজনক গুৰুতৰ আহত অবস্থাত কৰিমগঞ্জ চিভিল হাস্পাতালত লৈ যোৱা হয়। বেপৰোয়া ভাবে দ্ৰুত গতিত অহা লৰিখনে এপি অটোখনক মহতিয়াই থৈ যায়। অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰানিং লোৱাৰ সময়তে লৰিখনে প্ৰচন্ড জোৰেৰে অটোখনক ধাক্কা মাৰি বহু ঠাই চুচুৰাই লৈ যায়। পুৱাৰ ভাগত এনে দুৰ্ঘটনাৰ ঘটনাই সমগ্ৰ বৰাক উপত্যকাত শোকৰ পৰিবেশ সৃষ্টি কৰিছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই স্থানীয় ৰাইজ ওলাই আহে। ইপিনে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছত কৰিমগঞ্জৰ পৰা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু পাথাৰকান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি ময়না তদন্তৰ বাবে কৰিমগঞ্জলৈ পঠায়।













