![]()
নিউজ ডেস্কঃ
১১ দিন পিছত দেশৰ দৈনিক কোভিড সংক্রমণ পুনৰ ১৩ হাজাৰ অতিক্ৰম কৰিলে। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১৩ হাজাৰ ৯১ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪৪ লক্ষ ১ হাজাৰ ৬৭০ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩৪০ জনৰ। ইয়াৰ সিংহভাগেই কেৰালাত। বাকী ৰাজ্যবোৰত দৈনিক মৃত্যু নিয়ন্ত্রণত আছে। বিগত ২৪ ঘণ্টাত এক হাজাৰোধিক সক্ৰিয় ৰোগী কমিছে৷ বৰ্তমান দেশত সক্রিয় ৰোগী আছে ১ লক্ষ ৩৮ হাজাৰ ৫৫৬।
দেশৰ অধিকাংশ ৰাজ্যতেই কোভিড সংক্রমণ নিয়ন্ত্রণত আছে। ব্যতিক্রম কেৱল কেৰালা। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্রান্ত হৈছে চাৰে সাত হাজাৰৰো অধিক। মহাৰাষ্ট্রত ১ হাজাৰ ৯৪। তামিলনাডুত ৮২৮, পশ্চিমবঙ্গত ৮৫৩ আৰু মিজোৰামত ৫৩১। বাকী ৰাজ্যবোৰত ৫০০ৰ কমত আছে।













