![]()
নিউজ ডেস্কঃ
কৰোনা মহামাৰীৰ সৈতে যুঁজ দিয়াৰ একমাত্র অস্ত্র হ’ল ভেকচিন। কিন্তু সংশয় আৰু ভয়ৰ কাৰণে বহুতেই টীকা ল’ব বিচৰা নাই। বিশ্বৰ প্রতিখন দেশতেই প্রায় একেই অৱস্থা। নানা সচেতনতামূলক উদ্যোগ ল’লেও বহু ক্ষেত্রত সেই উদ্যোগ সফল হোৱা নাই। সেয়ে এইবাৰ অন্য ধৰণৰ উদ্যোগ ল’লে অষ্ট্ৰেলিয়াই। জনগণক টীকা ল’বলৈ উৎসাহ যোগোৱাৰ বাবে বিভিন্ন পুৰস্কাৰৰ আয়োজন কৰিছে চৰকাৰে।
‘দ্য মিলিয়ন ডলাৰ ভ্যাক্স এলায়েন্স’ নামৰ এক লটাৰী প্রতিযোগিতাৰ আয়োজন কৰিছিল অষ্ট্ৰেলিয়াত। টীকা লোৱাৰ পিছত উক্ত লটাৰী খেলত অংশগ্ৰহণ কৰিব পাৰিব বুলি চৰ্ত বান্ধি দিয়া হৈছিল। তাত অংশগ্ৰহণ কৰিছিল ৩০ লাখ লোকে। উক্ত লটাৰীতেই জোন ঝু নামৰ এগৰাকী মহিলাই জয়ী হয় ৭ কোটি টকা।
জোনৰ মতে, ‘টীকা লৈ ঘৰলৈ গৈছিলো। খেলত অংশগ্ৰহণ কৰিছিলো ঠিকেই, কিন্তু বিশেষ একো ভবা নাছিলো। টীকা লোৱাৰ পিছদিনাই মোলৈ ফোন আহে। কোৱা হয়, আপুনি কোটি টকা পাইছে। সেইটো শুনি প্রথমে নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিলো। কিন্তু যেতিয়া ইটোৰ পিছত সিটো সংবাদ মাধ্যমৰ পৰা ফোন আহিবলৈ আৰম্ভ কৰে, তেতিয়া মই নিজেই আচৰিত হৈ উঠো।’
জোনে উক্ত লটাৰীত পাইছে ১০ লক্ষ মার্কিন ডলাৰ। যিটো ভাৰতীয় মুদ্রাত ৭ কোটি ৪০ লক্ষ টকা। উক্ত টকাৰে তেওঁ পৰিয়ালৰ বাবে উপহাৰ কিনিব আৰু ভবিষ্যতৰ বাবে সঞ্চয় কৰি ৰাখিব বুলি জনাইছে।













