![]()
নিউজ ডেস্কঃ
গুৱাহাটী মহানগৰীত পুনৰ ৰহস্য জনক হত্যাকাণ্ড।পল্টনবজাৰৰ কালিবাৰী ৰেলৱে কলনীত সংঘটিত হৈছে নিৰ্মম হত্যাকাণ্ড।ৰেল কৰ্মচাৰী কোৱাটাৰত উদ্ধাৰ মন্দিৰ পূজাৰী মৃতদেহ।উদ্ধাৰ হোৱা মৃতদেহটো নাৰায়ন চক্ৰৱতী বুলি চিনাক্ত।উল্লেখ্য বৃহস্পতিবাৰে নিশা উদ্ধাৰ হয় মৃতদেহটো।
গুৰুত্বপূৰ্ণ কথা ৰেলৱে কৰ্মচাৰী সঞ্জিৱ চৌধুৰীৰ কোৱাটাৰত উদ্ধাৰ মৃতদেহটো।কোৱাটাৰ মালিক সঞ্জীৱ চৌধুৰী ষট পুজা বাবে ঘৰলৈ গৈছিল।মৃত নাৰায়ণ চৌধুৰীক কোৱাটাৰ ৰখীয়া হিচাপে থৈ গৈছিল।
উল্লেখ্য যে মৃত নাৰায়ণৰ ঘৰ কোচ বিহাৰত।পত্নী আৰু দুই কন্যাসহ বসবাস কৰিছিল।নিশা ১১বজাত ৰেল কৰ্মচাৰী সঞ্জীৱৰ কোৱাটাৰত আহিছিল মৃত নাৰায়ণ।
স্থানীয় লোকে অৱগত কৰা মতে মৃত নাৰায়ণ আৰু সঞ্জীৱ চৌধুৰী ঘনিষ্ঠ বন্ধু আছিল।
আনহাতে, মৃতদেহ উদ্ধাৰ হোৱা পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।ইফালে মৃতদেহ উদ্ধাৰৰ পাছতে আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক কৰিছে চুবুৰীয়া সত্য নাৰায়ণ বাছফ’ৰ নামৰ এগৰাকী ব্যক্তিক।মৃত নাৰায়ণৰ পত্নীকো সোধ-পোচৰ বাবে পানবজাৰ মহিলা থানালৈ নিশাই নিয়া হৈছে।













