![]()
নিউজ ডেস্কঃ
চলিত বছৰত অনুষ্ঠিত পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনত বিজেপিয়ে খৰচ কৰা ধনৰ পৰিমাণ প্ৰকাশ পাইছে। পশ্চিমবঙ্গ, অসম, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে খৰচ কৰিছিল মুঠ ২৫২ কোটিৰো অধিক টকা। ইয়াৰে আকৌ ৬০ শতাংশই ব্যৱহাৰ কৰিছিল পশ্চিমবঙ্গত ক্ষমতা দখলৰ বাবে।
নির্বাচন আয়োগক বিজেপিয়ে দাখিল কৰা হিচাব অনুযায়ী পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দলটোৱে খৰচ কৰিছে ২৫২ কোটি ২ লাখ ৭১ হাজাৰ ৭৫৩ টকা। ইয়াৰে ভিতৰত পশ্চিমবঙ্গত বিজেপিয়ে খৰচ কৰিছিল প্রায় ১৫১ কোটি টকা। আনহাতে, বাকী চাৰিখন ৰাজ্যৰ ভিতৰত বিজেপিয়ে সৰ্বাধিক ব্যয় কৰিছে অসমত।
অসমত নিৰ্বাচনী ব্যয় কৰিছিল ৪৩ কোটি ৪১ লাখ টকা। কেৰালাৰ পৰা বাম দলক উৎখাত কৰিবলৈ বিজেপিয়ে খৰচ কৰিছিল ২৯ কোটি ২৪ লাখ টকা। একেদৰে বিজেপিয়ে তামিলনাডুত খৰচ কৰিছিল ২২ কোটি ৯৭ লাখ টকা। পুডুচেৰীৰ নির্বাচনত ৪ কোটি ৭৯ লাখ টকা খৰচ কৰি ক্ষমতা দখল কৰে বিজেপিয়ে।













