![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১২ হাজাৰ ৫১৬ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৪ লক্ষ ১৪ হাজাৰ ১৮৬ জন।
আক্রান্ত কমিলেও দৈনিক মৃত্যু বাঢ়ি পুনৰ ৫০০ অতিক্ৰম কৰিছে। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৫০১ জনৰ। ইয়াৰ ভিতৰত ৪১৯ জনৰ মৃত্যু হৈছে কেৰালাত। মহাৰাষ্ট্রত ২৮ জন আৰু পশ্চিমবঙ্গত ১৩ জন। দেশৰ বাকী ৰাজ্যবোৰত দৈনিক মৃত্যু ১০ৰ কম।
আনহাতে, বিগত ২৪ ঘণ্টাত সক্ৰিয় ৰোগী কমিছে ১ হাজাৰ ১৪০। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৩৭ হাজাৰ ৪১৬ জন। দেশৰ ভিতৰত কেৰালাত আক্রান্তৰ সংখ্যা সৰ্বাধিক। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্রান্ত ৭ হাজাৰৰো অধিক।













