![]()
মনোৰঞ্জনঃ
শ্বাহৰুখ পুত্ৰৰ ২৪ সংখ্যক জন্মদিনৰ উল্লাস এইবাৰ ম্লান পৰিছে। বিগত বৰ্ষত ডুবাইত জন্মদিন উদযাপন কৰিছিল আৰিয়ন খানে। ভগ্নী সুহানা খান আৰু বন্ধু বৰ্গৰ সৈতে তেওঁ জন্মদিন উদযাপন কৰা সময়ৰ বিভিন্ন ফটো চচিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰাও দেখিবলৈ পোৱা গৈছিল। কিন্তু, এইবাৰ সেই উছাহ উদ্দীপনা দেখিবলৈ পোৱা নাই খান পৰিয়ালত। ২৮ দিনত কাৰাগাৰত আৱদ্ধ হৈ থকাৰ পিছত জামিন লাভ কৰা আৰিয়ন খানে বৰ্তমানেও এনচিবি অফিচত দেখা দিবলগীয়া হৈছে। মায়ানগৰীতো ‘মন্নত’ টো পূৰ্বৰ দৰে ৰং-ৰহৈচ পৰিলক্ষিত হোৱা নাই।
শেহতীয়াকৈ জানিব পৰা গৈছিল যে, আৰিয়ন খানে জামিন লাভ কৰাৰ পিছতেই শ্বাহৰুখ খান আৰু গৌৰী খান অধিক কঠোৰ হৈ পৰিছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈ এটা সাধাৰণ জীৱন দিয়াৰ বাবে অভিভাৱকদ্বয় ব্যস্ত হৈ পৰিছে পুত্ৰৰ বাবে। কিং খানৰ এগৰাকী ঘনিষ্ঠ বন্ধুৱে জনোৱা মতে, নিৰ্ধাৰিত সময়ত শুই উঠা অথবা টোপনি যোৱা লগতে আৰিয়ন খানৰ ফিটনেছক লৈ গুৰুত্ব দিছে শ্বাহৰুখ তথা গৌৰী খানে। আনহাতে, পুত্ৰই পঢ়িবলৈ আৰু চাবলৈ এখন ভিন্ন লিষ্টৰ তৈয়াৰ কৰিছে শ্বাহৰুখ খানে।













