![]()
স্বাস্থ্য প্ৰতিবেদনঃ
শীতৰ এই দিনকেইটা কেৱল কমলা আৰু কমলা। কমলা খাই ভালপোৱাসকলে এইকেইদিন মন-প্ৰাণ ভৰি কমলা খায়। ইয়াৰ টেঙা-মিঠা সোৱাদেই আকৌ বহুতকে আকৃষ্ট কৰে। ইয়াৰ উপৰি, বিভিন্ন গুণেৰে সমৃদ্ধ এই ফলবিধে শৰীৰৰো যত্ন লয়।
কমলাই শৰীৰত পানীৰ যোগান ধৰে। ইয়াৰ জৰিয়তে যথেষ্ট পৰিমাণৰ ভিটামিন-চিও পায় শৰীৰে। কিন্তু অত্যধিক পৰিমাণৰ কমলা খালে ওলোটাই শৰীৰৰ ক্ষতি কৰিব পাৰে।
কমলাত প্রচুৰ পৰিমাণে ফাইবাৰ আছে। ফলত দিনত ৪-৫টাকৈ কমলা খালে শৰীৰলৈ অতিৰিক্ত পৰিমাণৰ ফাইবাৰ যাব পাৰে। তাৰ ফলত পেটৰ বিষ, বমিভাব, ডায়েৰিয়াৰ দৰে সমস্যাৰ আশঙ্কা থাকে। কমলাৰ লগত শৰীৰলৈ অতিৰিক্ত ভিটামিন-চি গ’লেও আকৌ এটি সমস্যা হ’ব পাৰে। ইয়াৰ কাৰণে টোপনি নোহোৱাৰ সমস্যা বাঢ়ে। লগতে হৃদ্ৰোগৰ আশঙ্কাও বাঢ়ে। বেছি কমলা খালে এচিডিটীৰ আশঙ্কাও বাঢ়ে।
সেয়ে যিমান ভাল লাগিলেও দিনত ১-২টাৰ বেছি কমলা নোখোৱাই ভাল।













