![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১১ হাজাৰ ৮৫০ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৪ লক্ষ ২৬ হাজাৰ ৩৬ জন।
আক্রান্তৰ সংখ্যা কমিলেও বিগত দুদিনত কমা নাই মৃত্যুৰ সংখ্যা। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৫৫ জনৰ। ইয়াৰে ভিতৰত ৪৭১ জনেই কেৰালাৰ। মহাৰাষ্ট্রত ৪১ আৰু পশ্চিমবঙ্গত ১৪। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, এই পৰ্যন্ত দেশত মৃত্যু হৈছে মুঠ ৪ লক্ষ ৬৩ হাজাৰ ২৪৫ জনৰ।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত সক্ৰিয় ৰোগী কমিছে ১ হাজাৰ ১০৮। দেশত বৰ্তমান মুঠ সক্রিয় ৰোগী আছে ১ লক্ষ ৩৬ হাজাৰ ৩০৮ জন।













