![]()
নিউজ ডেস্কঃ
কৰোনা পৰিস্থিতিত থমকি গৈছিল সমগ্ৰ বিশ্ব। ভাৰতীয় ৰে’লে ঠিক সেই সময়তে যাতায়াত ব্যৱস্থাত গতি আনিবলৈ আৰম্ভ কৰিছিল ‘বিশেষ ৰে’ল’। এইবাৰ সেই ‘বিশেষ’ ব্যৱস্থা উঠাই লোৱা হৈছে। কৰোনাৰ সময়ত আৰম্ভ হোৱা সকলো বিশেষ ৰে’ল আৰু চলোৱা নহ’ব বুলি জনাইছে ৰে’ল বিভাগে। ইয়াৰ পৰিৱর্তে স্বাভাৱিক নিয়মত যি মেইল, এক্সপ্রেছ ৰে’ল চলিছিল, সেই ৰে’লে চলিব। লগতে এই বিশেষ ৰে’লৰ বাবে যাত্রীসকলৰ পৰা যি ৩০ শতাংশ অতিৰিক্ত ভাৰা লোৱা হৈছিল, সেয়াও বন্ধ কৰা হ’ব। এই কথা জনাইছে ৰে’লমন্ত্রী অশ্বীন বৈষ্ণোই। এই সন্দৰ্ভত এক নির্দেশনাও জাৰি কৰিছে ৰে’ল মন্ত্ৰালয়ে।
ৰে’লমন্ত্রীয়ে জনোৱা মতে, ‘প্রায় ৯৫ শতাংশ এক্সপ্রেছ ৰে’ল ইতিমধ্যে লাইনত নমোৱা হৈছে। এই ৰে’লবোৰৰ ২৫ শতাংশক ইমান দিনে বিশেষ হিচাবে চলোৱা হৈছিল। যাত্রীসকলে ৩০ শতাংশ অতিৰিক্ত ভাৰা দিবলগা হৈছিল। কিন্তু শীঘ্ৰেই এই বিশেষ কে’ল বন্ধ কৰি দিয়া হ’ব। আকৌ পুৰণি ভাৰাতে চলিব ৰে’ল।’













