![]()
নিউজ ডেস্কঃ
টি-২০ বিশ্বকাপৰ ছেমি ফাইনালৰ ১৯ নম্বৰ ওভাৰত পাকিস্তানৰ ফাষ্ট বলাৰ শ্বাহিন আফ্রিদীক একেলেথাৰিয়ে তিনিটা ছয় কোবাই দেশক ফাইনেললৈ লৈ যায় অষ্ট্ৰেলিয়াৰ উইকেটৰক্ষক মেথিউ ৱেডে। সমগ্ৰ টুর্নামেন্টখনত শ্বাহিন আফ্ৰিদীয়ে যেনেদৰে বল কৰিছিল তাৰ প্রশংসা কৰিলেও উক্ত মেচত তেওঁ যেনেদৰে বল কৰিলে, তাৰ বাবে হ’বলগীয়া জোঁৱাইক সমালোচনা কৰিলে প্রাক্তন পাক অধিনায়ক শ্বাহিদ আফ্রিদীয়ে। উল্লেখ্য, বিশ্বকাপৰ মাজতে শুনা গৈছে আফ্রিদীৰ জীয়ৰীৰ লগত বিয়া ঠিক হৈছে শ্বাহিনৰ।
বিশ্বকাপৰ পৰা পাকিস্তানৰ বিদায়ৰ পিছত পাক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত আফ্রিদীয়ে কয়, ‘‘মই শ্বাহিনৰ বলত সুখী নহয়। হাচান আলিয়ে কেচ পেলাইছে ঠিকেই, তাৰমানে এইটো নহয় যে পৰৱৰ্তী তিনিটা বলত তুমি তিনিটা ছয় খাবা। শ্বাহিনৰ বলত গতি আছে। তেওঁৰ উচিত আছিল বুদ্ধি কৰি বল কৰা। অফ ষ্টাম্পৰ বাহিৰত ইয়র্কাৰ বল কৰিব লাগিছিল। তেওঁৰ দৰে বলাৰৰ পৰা এইটো আশা কৰা নাযায়। মগজুৱেই নখটালে।’’
অৱশ্যে সমগ্ৰ বিশ্বকাপজুৰি শ্বাহিনে যেনেদৰে বল কৰিছে তাৰো প্রশংসা শুনা গৈছে হ’বলগীয়া শহুৰ আফ্রিদীৰ কণ্ঠত। তেওঁ কয়, ‘‘সমগ্ৰ টুর্নামেন্টজুৰি শ্বাহিনে দুর্দান্ত বলিং কৰিছে। মই কেৱল ৱাচিম আক্ৰাম বা মহম্মদ আমিৰকে এনে ধৰণৰ বল কৰা দেখিছো। মই আশাকৰো এই অভিজ্ঞতা কামত লগাই আগন্তুক দিনত শ্বাহিন আৰু ভাল বলাৰ হৈ উঠিব।’’
উল্লেখ্য, বিশ্বকাপৰ ছেমি ফাইনেলত প্রথম ওভাৰতেই অজি অধিনায়ক এৰন ফিঞ্চক আউট কৰে শ্বাহিনে। ১৯ নম্বৰ ওভাৰত তেওঁৰ হাতত বল তুলি দিয়ে পাক অধিনায়ক বাবৰ আজমে। ওভাৰৰ তৃতীয় বলত ৱেডৰ কেচ পেলায় হাচানে। পৰৱৰ্তী তিনিটা বলত তিনিটা ছয় মাৰে ৱেডে। শ্বাহিনৰ গতি কামত লগাই তিনিটা ছয় কোবায়। সেই কাৰণেই হ’বলগীয়া জোঁৱাইৰ সমালোচনা কৰে আফ্রিদীয়ে।













