![]()
নিউজ ডেস্কঃ
যোৱা মাহতেই সংক্রমণৰ ঢৌৱে কোবাইছে ৰাছিয়া। এক মাহত ৪৪ হাজাৰ মৃত্যু হৈছে দেশখনত। জার্মানীৰ অৱস্থাও সঙ্কটজনক। এক লাখ মৃত্যু হ’ব পাৰে বুলি সতর্ক কৰিছে জার্মান চৰকাৰে। বিশ্ব স্বাস্থ্য সংস্থাই (হু) জনোৱা মতে, সমগ্ৰ ইউৰোপেই এই শীতত দুৰ্ভোগ ভুগিব লাগিব। ফেব্রুৱাৰী মাহৰ ভিতৰত পাঁচ লাখ মৃত্যু হ’ব পাৰে মহাদেশখনত।
যোৱা সপ্তাহত সমগ্ৰ বিশ্বৰ মুঠ সংক্রমণৰ আধাৰো বেছি ঘটিছে ইউৰোপত। জার্মানী, নেদাৰলেণ্ড, নৰৱে, অষ্ট্ৰিয়া, ৰোমানিয়াত নতুনকৈ সংক্রমণ বিয়পি পৰাৰ ইঙ্গিত স্পষ্ট। হুই জনোৱা মতে, ইউৰোপত কৰোনাত মৃত্যু বিগত সপ্তাহত ১০ শতাংশ বৃদ্ধি পাইছে। সংক্রমণ সৰ্বাধিক হৈছে নেদাৰলেণ্ডত। অথচ দেশখনত ৮৫ শতাংশ টীকাকৰণ হৈ গৈছে।
বিগত ২৪ ঘণ্টাত নেদাৰলেণ্ডত ১৬,৩৬৪ জন সংক্রমিত হৈছে। যিটো অতিমাৰিৰ আৰম্ভণিৰ পৰা এই পর্যন্ত সর্বোচ্চ দৈনিক সংক্রমণ। এই অৱস্থাত নেদাৰলেণ্ড চৰকাৰে তিনি সপ্তাহৰ বাবে আংশিক লকডাউন ঘোষণা কৰিবলৈ আগবাঢ়িছে। অত্যাৱশ্যকীয়ৰ বাহিৰে বাকী সকলো বন্ধ ৰখা হ’ব। বিভিন্ন ক্ৰীড়া টুর্নামেন্টবোৰো বন্ধ থাকিব বুলি জানিব পৰা গৈছে।
অষ্ট্ৰিয়া চৰকাৰে টীকাকৰণ নোহোৱাসকলৰ গতিবিধিত নিষেধাজ্ঞা লগাবলৈ আগবাঢ়িছে। অষ্ট্ৰিয়াত বিগত ২৪ ঘণ্টাত ১১ হাজাৰ লোক সংক্রমিত হৈছে। অষ্ট্ৰিয়াক বিপদপূৰ্ণ দেশৰ তালিকাত ৰাখিছে জার্মানীয়ে।
নতুন সংক্রমণ ঢৌৰ পৰা বাচিবলৈ ১৮ বছৰৰ ঊর্ধ্বত বুষ্টাৰ ড’জ দিয়া আৰম্ভ কৰিছে নৰৱেই। যিসকলে এতিয়াও টীকা লোৱা নাই, তেওঁলোকক সপ্তাহত দুবাৰ কৰোনা-পৰীক্ষা কৰোৱাৰ নির্দেশ দিছে চৰকাৰে। নৰৱেত ৮৭ শতাংশ টীকাকৰণ হৈ গৈছে।













