![]()
নিউজ ডেস্কঃ
অসম বিধানসভাত পুৰণি সামগ্ৰী নিলাম প্ৰক্ৰিয়াত দালালি কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীৰ হাতত আটক এজন।বিধানসভাই নিলাম কৰা পুৰণি সামগ্ৰী ক্ৰয় কৰিবলৈ আহি দিছপুৰ আৰক্ষী হাতত আটক চাইদুল হক নামৰ এগৰাকী ব্যক্তি।উল্লেখ্য নিলাম কৰাৰ সামগ্ৰী বিধানসভা ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ অধিক মূল্য দিয়া অভিযোগতে আটক কৰে আৰক্ষীয়ে।
গুৰুত্বপূৰ্ণ সামগ্ৰী ক্ৰয় কৰিব আহি দালালি কৰা অভিযোগত আৰক্ষী হাতত বন্দী হোৱা চাইদুল হক ঘৰ কাহিলীপাৰা দক্ষিণগাঁৱত।দিছপুৰ আৰক্ষী থানাত বৰ্তমান ৰখা হৈছে হকক।













