![]()
নিউজ ডেস্কঃ
ৰাজ্যবাসী বাবে ভাল খবৰ।টকি’অ অলিম্পিকৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইয়ে গ্ৰহণ কৰিলে ক্ৰীড়া ক্ষেত্ৰ সৰ্বোচ্চ সন্মান ।ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ পৰা শনিবাৰে গোলাঘাটৰ জীয়ৰী বক্সা লাভলীনাই গ্ৰহণ কৰে মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা।
উল্লেখ্য ট’কিঅ অলিম্পিকত পদক জয়ে দেশলৈ গৌৰৱ কঢ়িয়াই অনা বাবে ভাৰত চৰকাৰ ক্ৰীড়া মন্ত্ৰণালয়ে অসম কন্যা গৰাকীক আগবঢ়াইছে এই বঁটা।
চলিত বৰ্ষত মুঠ ১২ গৰাকীকৈ খেলুৱৈক প্ৰদান কৰা হয় মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা।
গুৰুত্বপূৰ্ণ অলিম্পিক জয়ী প্ৰথম গৰাকী অসমীয়া লাভলীনা।মহিলা ৬৯ কেজি শাখাত অৱৰ্তীন হৈ ব্ৰঞ্জ পদক লাভ কৰিছিল লাভলীনাই।













