![]()
মনোৰঞ্জনঃ
কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ নতুন গীত ‘ধিনকা চিকা’ য়ে খলকনি লগাইছে চচিয়েল মিডিয়াত। তেওঁৰ গীতটি মুক্তিৰ বাবে অপেক্ষাৰত অনুৰাগীয়ে আচলতে তেওঁৰ গীতটিৰ বাবে প্ৰস্তুতিত নতুন লুকটোৰ বাবে অপেক্ষাৰত হৈ পৰিছে। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰা ৰাকেশ ৰিয়ান শ্ৰোতা-দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়াৰ কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কণ্ঠশিল্পীৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰতিটো ৰোমাণ্টিক গীতেই বৰ্তমান জনপ্ৰিয়।
চচিয়েল মিডিয়াত কণ্ঠশিল্পী গৰাকীয়ে আহিবলগীয়া গীত ‘ধিনকা চিকা’ ৰ প্ৰমোচনৰ বাবে এখন ফটো আপলোড কৰিছে, য’ত তেওঁক এটি বঞ্জাৰা লুকত দেখিবলৈ পোৱা গৈছে। কণ্ঠশিল্পী গৰাকীক পোন প্ৰথমবাৰৰ বাবে এনে এটি লুকত দেখিবলৈ পাই আচৰিত হৈছে অনুৰাগীও।













