![]()
মনোৰঞ্জনঃ
ক’ভিড পৰিস্থিতিৰ সাম কটা পিছতেই একোখন নতুন ছবিয়ে মুক্তিৰ বাবে সাজু হৈ পৰিছে। অসমীয়া ছবি ‘একলব্য’ য়ে শেহতীয়াকৈ নিজ প্ৰচাৰৰ দিশে পূৰ্ণগতিৰে আগবঢ়া দেখিবলৈ পোৱা গৈছে। ২০২১ চনৰ শেষৰ পিনে এখন সুন্দৰ তথা গ্ৰহণযোগ্য ছবি উপভোগ কৰিবলৈ পোৱাৰ আশাত অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজো সাজু হৈ পৰিছে। বাণিজ্যিক ধৰ্মী এই অসমীয়া ছবিখনত কেইবাগৰাকীও নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা যাব। এটি সৰল তথা দমদাৰ কাহিনীৰে এই ছবিখনৰ হয়টো অহা ডিচেম্বৰ মাহৰ শেষৰপিনে মুক্তি লাভ কৰিব। অৱশ্যে, বৰ্তমানেও ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
আলফ্ৰেডৰ পৰিচালনাৰে ‘একলব্য’ ৰ কাহিনী আৰু চিত্ৰনাট্যৰ দায়িত্বত আছে প্ৰণৱ ভৰালী আৰু পৰিচালক আলফ্ৰেডে নিজেই। ৰিভান প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে চৈয়দ আজিজুল হক, ঋত্বিক শইকীয়া আৰু অলকা শইকীয়াই। অৰুণ নাথ, কমল লোচন, ৰূপচন্দা শৰ্মা, হিমাংশু গগৈ, অতনু মহন্ত আৰু কৰিশ্মা পূজাৰীৰ অভিনয়ৰে ছবিখনৰ সংলাপৰ দায়িত্বত আছে ত্ৰৈলোক্য কাশ্যপ আৰু আলফ্ৰেড। ছবিখনত সংগীত কৰিছে সংগীতৰ ক্ষেত্ৰখনত ব্যতিক্ৰমৰ সৃষ্টি কৰি যোৱা সংগীতশিল্পী অৰূপজ্যোতি বৰুৱাই।













