![]()
ছাইদুল ইছলাম,
ডিফুঃ
কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ মাফিয়া সকলৰ কাৰ্যকলাপ অব্যাহত থকাৰ সমান্তৰালকৈ সম্প্ৰতি বন্য জীৱ-জন্তুৰ অংগ-প্ৰতঙ্গ সৰবৰাহ কৰা কাৰ্যতো জড়িত থকাৰ এক বাতৰি পোহৰলৈ অহাত অসম-নাগালেণ্ড সীমান্তঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷


প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা প্ৰায় ৯-৩০ মান বজাত ডিলাইত ডিলাই থানাৰ অচি ফনীন্দ্ৰ ৰাভাৰ নেতৃত্বত সহকাৰী উপপৰিদৰ্শক জিতেন গগৈ আৰু সংগীয় ষ্টাফ সহ এক নাকা তালাচী অভিযান চলোৱা হয় ৷ উক্ত নাকা তালাচীত AS 02 AC 9883 নম্বৰৰ বলেৰ’ পিকআপ গাড়ীত গোপনে কঢ়িয়াই অনা দুজন লোকৰ কৱলৰ পৰা দুটা মূল্যৱান হাতী দাঁত উদ্ধাৰ কৰা হয় ৷

হাতীদাঁত সহ আটক কৰা যুৱক দুজন ক্ৰমে,হোজাই জিলা যমুনামুখৰ এৰা কপিলী গাঁৱৰ নদল কৰ্মকাৰৰ পুত্ৰ মিণ্টু কৰ্মকাৰ আৰু হোজাই জিলা যমুনামুখ বৰজৰি মাজগাঁও নিৱাসী চুলতান আহমেদৰ পুত্ৰ ছাহজাহান আহমেদ ৷













