![]()
ছাইদুল ইছলাম,
ডিফুঃ
বোকাজানৰ সমাজ , সাহিত্য , সংস্কৃতি আৰু ৰাজনীতিৰ এগৰাকী বিশিষ্ট ব্যক্তি আছিল ডাক্তৰ হেন্দুৰাম হাজৰিকা ৷ কিন্তু কাল ক’ৰনাই ১৩ মেত তেখেতক অজান মুলুকলৈ লৈ গ’ল ৷ বোকাজান নগৰৰ লগতে সৰিয়হজান , বালিপথাৰ, শিলনীজান , শান্তিপুৰ , জপৰাজান দেওপানীৰ পৰা লাহৰিজানলৈকে সমগ্ৰ এলেকাটোৰ লোকক সুদীৰ্ঘ পাচঁটা দশক ধৰি তেখেতে চিকিৎসা সেৱা আগবঢ়াই আহিছিল ৷
অৱশেষত তেখেতৰ ক’ভিডে প্ৰাণ কাঢ়ি নিলে ৷ বোকাজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , বোকাজান নগৰ সমিতিৰ প্ৰাক্তন বাৰ্ড কমিছনাৰ , বিভিন্ন নামঘৰ , অনুষ্ঠান প্ৰতিষ্ঠান নেতৃত্ব লোৱা চিকিৎসক গৰাকীৰ মৃত্যুৱে বোকাজান এলেকাৰ বৃহৎ ক্ষতি কৰিলে ৷ কিন্তু ক’ৰনাৰ প্ৰকোপৰ বাবে ৰাইজে তেখেতৰ মৃত্যুৰ পিছত কোনো অনুষ্ঠান কৰিব পৰা নাছিল ৷
সেয়ে বোকাজান সাহিত্য সভাই তেখেতৰ স্মৃতিত এখন স্মৰণিকা প্ৰকাশ কৰাৰ লগতে তেখেতৰ বাসভৱনত আয়োজন কৰে এক স্মৃতিচাৰণ সভাৰ ৷ বোকাজান সাহিত্য সভাৰ সভানেত্ৰী ৰুমী বৰুৱাৰ সভাপতিত্ব হোৱা স্মৃতিচাৰণ সভাত জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নৰেন দত্তই স্মৰণিকা উন্মোচন কৰে ৷ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেন্দ্ৰনাথ হাজৰিকা , লেখক-সাংবাদিক সঞ্জু বৰা , বোকাজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সত্যপ্ৰদীপ বৰদলৈ , তিলেশ্বৰ হাজৰিকা , কাৰবি লামমেত আমেইৰ উপ-সভাপতি বাৰিম ইংতি প্ৰমুখ্যে বিভিন্ন বক্তাই হাজৰিকাৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে ৷ সম্পাদক দ্বিজেন ৰিজবংশী আৰু দিগন্ত বৰাই আতঁধৰা অনুষ্ঠানটোত ডাক্তৰ হাজৰিকাৰ পৰিয়ালে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে ৷













