![]()
ষ্টাফ ৰিপৰ্টাৰ
নগাঁওঃ
নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত ক’ভিডৰ সংক্ৰমণৰ ফলত পাঠদান আৰু ছাত্ৰবাস ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে। অফলাইন পাঠদান আৰম্ভ হোৱাৰ ছাত্ৰ-ছাত্ৰী সকল উভতিছে স্ব-গৃহলৈ। উল্লেখ্য যে, বিগত পাঁচ দিন ছাত্ৰবাসৰ কেইবাগৰাকীও ছাত্ৰ তথা অধ্যক্ষ দিলীপ বৰা ক’ভিডত আক্ৰান্ত হৈছে।
আজি মহাবিদ্যালয়খনত স্বাস্থ্য বিভাগে কভিড পৰীক্ষা কৰাত নতুনকৈ তিনিজন ছাত্ৰ কভিডত আক্ৰান্ত হোৱাটো নিশ্চিত হয় আৰু ছাত্ৰ তিনিজনক পৰিয়ালৰ লোকে হোম আইশ্বলেশ্যলেচনৰ বাবে নিজ নিজ ঘৰলৈ লৈ যোৱা হয়। ।
শেহতীয়াকৈ ৰাজ্যত বহু শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে কভিড নীতি মানি নচলাৰ অভিযোগ উঠিছে । যাৰ বাবে নগাঁৱত এতিয়া কভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে । নগাঁও জিলা স্বাস্থ্য বিভাগৰ সুত্ৰে জনোৱা মতে আজি নগাঁও জিলাত কভিডৰ আক্ৰান্তৰ সংখ্যা ৯ জন । আজিৰ দিনটোত কভিডত ৪৮ জন লোক আক্ৰান্ত হৈ সক্ৰিয় হৈ আছে আৰু এটা কণ্টেনমেণ্ট জ’ন সক্ৰিয় হৈ আছে । এসপ্তাহ পূৰ্বে পূৰ্বে নগাঁও চহৰৰ আমোলাপট্টিত থকা নাৰী আৰু শিশু গৃহৰ ১৬ গৰাকী আবাসী কভিডত আক্ৰান্ত হৈছিল।













