![]()
নিউজ ডেস্কঃ
এগৰাকী কিশোৰাৰ ওপৰত নাৰকীয় অত্যাচাৰৰ অভিযোগ উঠিছে মহাৰাষ্ট্রৰ বীড জিলাত। বিগত ছয়মাহ ধৰি ৪ শতাধিক ব্যক্তিয়ে ধর্ষণ কৰাৰ অভিযোগ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ। তেওঁৰ দাবী, থানাত অভিযোগ জনাবলৈ গৈও এজন আৰক্ষীৰ কামনাৰ চিকাৰ হ’বলগা হৈছে তেওঁ। বর্তমান নির্যাতিতা কিশোৰীগৰাকী দুই মাহৰ অন্তঃসত্ত্বা।
চলিত সপ্তাহত অভিযোগ দাখিল হৈছে উক্ত ঘটনাৰ। বীড জিলাৰ আৰক্ষী অধীক্ষক ৰাজা ৰামাস্বামীয়ে জনোৱা মতে, কিশোৰাগৰাকীক ধর্ষণৰ অভিযোগত তিনিজনক গ্রেপ্তাৰ কৰা হৈছে। ৰাজাই কয়, ‘‘নির্যাতিতাৰ অভিযোগৰ ভিত্তিত বাল্যবিবাহ, ধর্ষণ, যৌন নিগ্রহ আৰু পক্সো আইনত গোচৰ ৰুজু কৰা হৈছে। বিগত ছয় মাহত ৪০০ জনে নাবালিকাগৰাকীক ধর্ষণ কৰাৰ অভিযোগ। এজন আৰক্ষীও ধর্ষণত অভিযুক্ত। ঘটনাৰ তদন্ত আৰম্ভ হৈছে।’’
নির্যাতিতাৰ অভিযোগ মতে, তেওঁৰ মাতৃৰ মৃত্যু হৈছে বহু কেইবছৰ আগতে। আঠ মাহ পূৰ্বে পিতৃয়ে তেওঁ বিয়া দিয়ে। তেওঁৰ অভিযোগ, স্বামীগৃহৰ লোকসকলে তেওঁক মাৰধৰ কৰে। বেয়া ব্যৱহাৰ কৰে। তাৰ পৰা পলাই পিতৃৰ ওচৰলৈ আহিছিল। কিন্তু পিতৃয়ে আশ্রয় নিদিয়ে। তাৰ পিছত বীড জিলাৰ আম্বাজোগাই বাছ ষ্টপেজত বাধ্য হৈ ভিক্ষা খুজিবলৈ আৰম্ভ কৰে। এই সময়ৰ পৰাই তেওঁৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছিল বুলি কিশোৰীগৰাকীয়ে জনায়।













