![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনোত আক্রান্ত হৈছে ১০ হাজাৰ ২২৯ জন। শনি আৰু দেওবাৰে সেয়া আছিল ১১ হাজাৰৰ ঘৰত। আনহাতে, বিগত ২৪ ঘণ্টাত কেৰালাত আক্ৰান্ত হৈছে প্রায় ছয় হাজাৰ। বাকী ৰাজ্যবোৰত সেয়া এক হাজাৰৰ কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৪ লক্ষ ৪৭ হাজাৰ ৫৩৬।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ১২৫ জনৰ। এতিয়ালৈকে কৰোনাৰ বাবে দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৬৩ হাজাৰ ৬৫৫ জনৰ।
ইফালে বিগত ২৪ ঘণ্টাত সক্ৰিয় ৰোগী কমিছে ১ হাজাৰ ৮২২। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৩৪ হাজাৰ ৯৬ জন।













