![]()
নিউজ ডেস্কঃ
সম্প্রতি ত্রিপুৰাত ঘটা হিংসাৰ খবৰ সংগ্রহ কৰিবলৈ গৈ সাম্প্রদায়িক সংঘর্ষত উচতনিৰ অভিযোগ উঠিছিল ২ মহিলা সাংবাদিকৰ বিৰুদ্ধে! উক্ত অভিযোগত অসমৰ পৰা আটক কৰা হ’ল দুই মহিলা সাংবাদিকক। অভিযোগ কৰিছিল বজৰং দলৰ এজন সদস্যই। উক্ত ঘটনাৰ তীব্র গৰিহণা দিছে এডিটৰ্ছ গিল্ড অব ইণ্ডিয়াই। আটকাধীন দুই সাংবাদিকৰ শীঘ্ৰে মুক্তিৰ দাবীও তুলিছে টুইটাৰত।
ধৃত সাংবাদিক দুগৰাকীৰ নাম হৈছে সমৃদ্ধি ছাকুনিয়া আৰু স্বর্ণা ঝা। তেওঁলোকৰ অভিযোগ, ত্রিপুৰাত থকা হোটেলখনলৈ আৰক্ষী আহে আৰু ভাবুকি দিয়ে। তেওঁলোকে সহযোগিতা কৰিলেও আগৰতলাৰ উদ্দেশ্যে তেওঁলোকক ৰাওনা হ’ব নিদিয়ে ত্রিপুৰা আৰক্ষীয়ে। হোটেলৰ বাহিৰত উপস্থিত আছিল ১৬-১৭ জন আৰক্ষী। ২১ নৱেম্বৰত তেওঁলোকৰ ভাষ্য ৰেকর্ড কৰা হ’ব বুলি জনায় আৰক্ষীয়ে। কিন্তু দেওবাৰেই আটক কৰা হয় দুয়োগৰাকীকে।
ইয়াৰ পিছতেই সমৃদ্ধিয়ে টুইটাৰত লিখে, অসমৰ কৰিমগঞ্জৰ নিলামবজাৰ থানাত আটক কৰি ৰখা হৈছে তেওঁলোকক। আটক কৰাৰ নির্দেশ দিছে গোমতী জিলাৰ আৰক্ষী অধীক্ষকে। সমৃদ্ধিয়ে জনোৱা মতে, বিমানবন্দৰৰ ফালে যাওঁতেই আটক কৰা হয় তেওঁলোকক।
চাৰে তিনি ঘণ্টা থানাত বহাই ৰখাৰ পিছত ত্রিপুৰাৰ পৰা আৰক্ষীৰ এটি দল আহে। তেওঁলোকে আৰক্ষীক তেওঁলোকৰ অধিবক্তা অহাৰ পিছত পদক্ষেপ গ্ৰহণ কৰিবলৈ কয় যদিও ত্রিপুৰা আৰক্ষীয়ে একো কথাই শুনিব নিবিচাৰে। সাংবাদিককেইগৰাকীৰ অভিযোগ, তেওঁলোকক আটক কৰাৰ কোনো নির্দেশনাও দেখুওৱা নাই।
উল্লেখ্য, ত্রিপুৰাৰ কাকৰাবানৰ দৰগাবজাৰ এলেকাত সম্প্রতি এটি মছজিদত আক্ৰমণৰ অভিযোগ উঠিছে। সংখ্যালঘুসকলৰ দোকানতো অগ্নিসংযোগৰ কৰা বুলি জানিব পৰা গৈছে। উক্ত ঘটনাৰ খবৰ সংগ্রহ কৰিবলৈ গৈছিল সমৃদ্ধি আৰু স্বর্ণা। উক্ত মছজিদত গৈ খবৰ সংগ্ৰহৰ পিছত এটি টুইট কৰিছিল সমৃদ্ধিয়ে। তাৰ ভিত্তিতেই সমৃদ্ধিৰ বিৰুদ্ধে অভিযোগ কৰে বজৰং দলৰ এজন সদস্যই। অৱশ্যে আৰক্ষীয়ে সকলো অভিযোগ নাকচ কৰি জনাইছে যে মছজিদত ধর্মগ্রন্থ পোৰা হোৱা নাই।













