![]()
নিউজ ডেস্কঃ
অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ অন্তৰ্গত ৱাক্ৰাৰ সমীপৰ খগলা গাঁৱৰ অৰণ্যত অসম ৰাইফলছ আৰু এন এছ চি এনৰ গোটৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। উগ্ৰপন্থীৰ দলটোৱে ভয়াৱহ পৰিকল্পনা কৰি থকাৰ খবৰ লাভ কৰি খুনচাত ৬ অসম ৰাইফলচৰ দলে অভিযান চলায়। এই অভিযানত তিনি উগ্ৰপন্থী নিহত হোৱাৰ লগতে আন উগ্ৰপন্থী কেইটাই গভীৰ অৰণ্যৰ সুযোগ লৈ পলায়ন কৰে। উল্লেখ্য যে, এই অভিযানৰ দ্বাৰা কোনো অসম ৰাইফলচৰ জোৱান আহত হোৱা নাই। যদিও উগ্ৰপন্থীৰ দলটোৱে অত্যাধুনিক অস্ত্ৰৰে জোৱান কেইগৰাকীৰ ওপৰত আক্ৰমণ কৰে। সংঘর্ষত নিহত হোৱা উগ্ৰপন্থী কেইটাৰ পৰা অসম ৰাইফলছে তিনিটাকৈ অত্যাধুনিক এ কে ৮১ ৰাইফল, ৬ টাকৈ মেগজিন, শতাধিক এ কে ছিৰিজৰ গুলি, মোবাইল হেন্ডছেট, চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
তিনিগৰাকী উগ্ৰপন্থীক নিহত হোৱাটো অসম ৰাইফলচৰ জোৱানৰ বাবে অৱশ্যেই এক বৃহৎ সাফল্য। প্ৰাপ্ত তথ্যনুসৰি, উক্ত আটাইকেইটা উগ্ৰপন্থী ম্যানমাৰৰ বুলি জানিব পৰা গৈছে। সোমবাৰৰ পুৱাৰে পৰা আৰম্ভ হোৱা এই সংঘর্ষ বাতৰি প্ৰেৰণ কৰাৰ পৰলৈকে অব্যাহত আছে। ১১ তাৰিখৰ পুৱতি নিশাও অসম আৰু অৰুণাচল সীমান্তৰ দেউমালীত ভাৰতীয় সেনাই এন এচ চি এম আই এমৰ বিৰুদ্ধে অভিযান চলাই এজন কেডাৰক নিহত আৰু দুজনকৈ কেডাৰক গুৰুতৰ ভাৱে আহত কৰিছিল।













