![]()
নলবাৰীৰ প্ৰতিবেদকঃ
“ডঃ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাক শক্তিশালী ৰূপত থিয় কৰাইছে। অসমীয়া জাতি জীয়াই থকালৈকে অসমীয়াৰ হৃদয়ত বাণীকান্ত কাকতি জীয়াই থাকিব।”
—এই মন্তব্য বিশিষ্ট শিক্ষাব্ৰতী–সাহিত্যসেৱক ডঃ ৰবীন দাসৰ। নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নৱগঠিত চন্দ্ৰমুখী আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত ১৫ নৱেম্বৰত নলবাৰী জিলা সাহিত্য সভাৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত অনুষ্ঠিত ভাষাবিদ ডঃ বাণীকান্ত কাকতি স্মৃতি দিৱসত বন্তি প্ৰজ্বলন কৰি ডঃ দাসে ভাষাবিদ বাণীকান্ত কাকতিৰ অসমীয়া জাতি আৰু ভাষাৰ প্ৰতি থকা ত্যাগ আৰু অৱদান সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে।
অসমীয়া ভাষা উন্নতিৰ ক্ষেত্ৰত বাণীকান্ত কাকতিৰ যি অৱদান ই কোনোদিনে অসমীয়া লোকৰ বুকুৰপৰা হেৰাই নাযায় বুলিও ডঃ দাসে কয়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু চন্দ্ৰমুখী আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক জিণ্টুমণি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ভাষাবিদ ডঃ কাকতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি ভাষাবিদগৰাকীৰ ত্যাগ আৰু আদৰ্শৰ বিষয়ে সুন্দৰভাৱে বিশ্লেষণ কৰে।
জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ, নৰেশ্বৰ কলিতায়ো ড° কাকতিৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক জয় চন্দ্ৰ শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য কবিতা ডেকা তালুকদাৰ, প্ৰিয়নাথ বৰ্মন, শেৱালি কাকতী, কবি দ্বীপেন মেনা, মনদীপ শৰ্মা, নিৰ্মালী কলিতা ডেকা প্ৰমুখ্যে ভালে সংখ্যক সাহিত্যানুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।













