![]()
নিউজ ডেস্কঃ
দিল্লী হাইকোর্টৰ ন্যায়াধীশ পদত অভিজ্ঞ উকীল সৌৰভ কির্পালৰ পদোন্নতিৰ পৰামৰ্শ দিলে ছুপ্রিম কোৰ্টে। শীর্ষ আদালতৰ কলেজিয়ামৰ এই সিদ্ধান্তক ‘ঐতিহাসিক’ বুলি কৈছে অধিবক্তা সমাজে। কাৰণ দেশৰ বিচাৰ ব্যৱস্থাৰ ইতিহাসত এয়াই প্রথম এজন সমকামী উকীলক বিন্যায়াধীশ পদত অধিষ্ঠিত কৰোৱাৰ পৰামৰ্শ দিলে সর্বোচ্চ ন্যায়ালয়ে। কেৱল সেয়াই নহয়, দিল্লী হাইকোর্টৰ ন্যায়াধীশ পদত কির্পালক নিয়োগ কৰা হ’লে তেৱেঁই হ’ব ভাৰতৰ প্রথমগৰাকী সমকামী ন্যায়াধীশ।
২০১৭ চনৰ অক্টোবৰত দিল্লী হাইকোর্টৰ কলেজিয়ামে প্রথমবাৰ কির্পালৰ পদোন্নতিৰ পৰামৰ্শ দিছিল। তাৰ পিছত আৰু কেইবাবাৰো তেওঁৰ নাম উত্থাপন হৈছিল। কিন্তু প্রত্যেকবাৰেই বিলম্ব হয় কির্পালৰ পদোন্নতিৰ প্রক্রিয়া। চলিত বছৰৰ মার্চত ছুপ্রিম কোর্টৰ প্রাক্তন ন্যায়াধীশ এছএ বোবডেই দিল্লী হাইকোর্টৰ ন্যায়াধীশ পদলৈ কির্পালৰ পদোন্নতি বিষয়ত কেন্দ্রৰ অৱস্থানো জানিব বিচাৰিছিল।
তাৰ পিছতেই বিগত ১১ নৱেম্বৰত শীর্ষ আদালতৰ কলেজিয়ামৰ বৈঠকত কির্পালৰ নাম পৰামৰ্শ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্তক স্বাগতম জনাই অধিবক্তা ইন্দিৰা জয়সিঙে টুইটাৰত লিখিছে, ‘‘কোনো এক হাইকোর্টৰ প্রথম সমকামী ন্যায়াধীশ হ’বলৈ আগবাঢ়িছে সৌৰভ কির্পাল। তেওঁলৈ বহুত শুভেচ্ছা। অৱশেষত যৌনতা বিষয়ক বৈষম্যৰ ঊর্ধ্বত গৈ সকলো ধৰণৰ মানুহক লৈ সৃষ্টি হ’বলৈ গৈছে আমাৰ বিচাৰ ব্যৱস্থা।’’
উল্লেখ্য, দিল্লীৰ ষ্টিফেন কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ অক্সফোর্ড বিশ্ববিদ্যালয়ত আইন বিষয়ত অধ্যয়ন কৰে কির্পালে। স্নাতকোত্তৰ উত্তীৰ্ণ হয় কেমব্রিজ বিশ্ববিদ্যালয়ৰ পৰা। দুই দশকৰো বেছি সময় ধৰি ছুপ্রিম কোর্টৰো অধিবক্তা তেওঁ। ২০১৮ চনত অনুচ্ছেদ ৩৭৭ বাতিলৰ গোচৰত গোচৰীয়াৰ হৈ গোচৰ লৰিছিল কির্পালে।













