![]()
নিউজ ডেস্কঃ
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পুনৰ বামপন্থী শিক্ষাৰ্থীক মাৰধৰৰ অভিযোগ উঠিল সঙ্ঘ পৰিয়ালৰ ছাত্র সংগঠন এবিভিপিৰ নেতা-কর্মীৰ লগতে সহযোগী বাহিৰৰ কিছু যুৱকৰ বিৰুদ্ধে। বহুকেইজন ছাত্র এই আক্ৰমণত আহত হোৱা বুলি জনাইছে এআইএছএ আৰু এছএফআইৰ নেতৃত্বই। এইমছ আৰু ছফদৰজং হস্পিটেলত আহতসকলক চিকিৎসা কৰা হৈছে। দেওবাৰে নিশাৰ এই আক্ৰমণৰ বহু পিছতহে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰো অভিযোগ উঠিছে।
প্রত্যক্ষদর্শীয়ে জনোৱা মতে, বিশ্ববিদ্যালয়ত ছাত্র সংসদৰ কক্ষ এখন আলোচনা-চক্ৰৰ প্রস্তুতিৰ বাবে দুই বাম ছাত্র সংগঠনৰ কর্মীসকল মিলিত হৈছিলত। সেই সময়তে লগত কিছু বাহিৰা যুৱকক লৈ হিন্দুত্ববাদী অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ (এবিভিপি)ৰ এটা দল তাত উপস্থিত হয়। এবিভিপিৰ অভিযোগ, ৰাষ্ট্ৰীয়তাবাদ-বিৰোধী আৰু বিচ্ছিন্নতাবাদী অনুষ্ঠানৰ পৰিকল্পনা কৰিছিল বাম ছাত্র সংগঠনৰ সদস্যসকলে। ইয়াকে লৈ প্ৰথমে কথা কটাকটিৰ পিছত এটা সময়ত এবিভিপিৰ নেতা-কর্মীসকলে লো আকু কাঠৰ চকী-টেবুলি ডাঙি মাৰধৰ আৰম্ভ কৰে। এবিভিপিৰ নেতৃত্বই মাৰধৰৰ অভিযোগ অস্বীকাৰ কৰিলেও ঘটনাৰ বহু কেইটা ভিডিও ছাত্র সমাজত বিয়পি পৰিছে৷ তাত হিন্দুত্ববাদী ছাত্রকর্মীসকলে চকী-টেবুল ডাঙি মাৰপিট কৰাৰ দৃশ্য ধৰা পৰিছে।
এই সন্দৰ্ভত জেএনইউৰ ছাত্র সংসদৰ সভানেত্রী তথা এছএফআইৰ সদস্য ঐশী ঘোষে আহত ছাত্রসকলৰ ৪খন ছবি দি টুইট কৰিছে, ‘পুনৰ আক্ৰমণ এবিভিপিৰ গুণ্ডাসকলৰ। জেএনইউ কর্তৃপক্ষ কিমান দিন মৌন হৈ থাকিব? গুণ্ডাবোৰৰ বিৰুদ্ধে কোনো পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিবনৈ?’













