![]()
মনোৰঞ্জনঃ
ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসম সন্তান সকল। নৃত্য, অভিনয়কে আদি কৰি মডেল ক্ষেত্ৰখনটো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ, মায়ানগৰীত আয়োজিত ‘মিছ কুইন অৱ দা ৱ’ৰ্ল্ড ইণ্ডিয়া’ ৰ প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ এগৰাকী যুৱতী গীতিকা কাৰোৱাই সন্মান আজুৰিছে। ‘মিছ কুইন অৱ দা ৱ’ৰ্ল্ড ইণ্ডিয়া’ ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে অসম জীয়ৰী গৰাকীয়ে। ডিব্ৰুগড়ৰ চৰকাৰী বহুমুখী বালিকা বিদ্যালয়ত শিক্ষা জীৱনৰ আৰম্ভণি কৰা গীতিকাই ১৬ বছৰ বয়সৰ পৰাই শ্বুটিং তথা নৃত্য আৰু অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল।
উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা। অনাগত দিনত, গীতিকাই কাৰোৱাই নিজ কেৰিয়াৰৰ বাবে সপোন দেখিবলৈ আৰম্ভ কৰিছে। আগন্তুক ২০২২ বৰ্ষৰ মাৰ্চ মাহত আমেৰিকাৰ নিউজাৰ্চিলৈ ৰাওনা হ’ব অসম জীয়ৰী গীতিকা কাৰোৱাৰ, তাত অনুষ্ঠিত হ’বলগীয়া ‘বিশ্বৰ মিছ কুইন অৱ দা ৱ’ৰ্ল্ড’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব মডেলগৰাকী।













