![]()
মনোৰঞ্জনঃ
ৰাজকুমাৰ ৰাও আৰু ভূমি পেনডেকাৰক পোন প্ৰথমবাৰৰ বাবে একেলগে স্ক্ৰীণত দেখিবলৈ পাব দৰ্শকে। ‘বধাই দো’ নামে এখন ছবিখনত দুয়োকে একেলগে দেখিবলৈ পোৱা যাব। মহিলা আৰক্ষী চকীৰ এগৰাকী আৰক্ষীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ৰাজকুমাৰ ৰাওৱে আৰু ইয়াৰ পৰিৱৰ্তে ভূমি পেডনেকাৰে এগৰাকী পিটি শিক্ষয়িত্ৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। ছবিখনৰ শ্বুটিং ডেহৰাডুনত হৈছে। যোৱা ১৫ নৱেম্বৰ তাৰিখে ৰাজকুমাৰ ৰাও আৰু প্ৰেয়সী পত্ৰলেখাৰ বিবাহ সম্পন্ন হোৱাৰ পিছতেই উক্ত ছবিখনক লৈ এক আপডেট আহিছে। প্ৰথমতে, এই ছবিখন অহা বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ সময়ত মুক্তি লাভ কৰাৰ কথা আছিল যদিও বৰ্তমান ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰিব এই ছবিখন।
ছবিখনৰ নিৰ্মাতা গোষ্ঠীয়ে ছবিখনৰ মুক্তিৰ আনুষ্ঠানিক ঘোষণা কৰি কয় যে এই ছবিখন অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে মুক্তি লাভ কৰিব। ভালপোৱাৰ মাহত ছবিখনে মুক্তি লাভ কৰিব আৰু দৰ্শকক ইয়াতকৈ অধিক লাগে কি! উল্লেখ্য যে, উক্ত ছবিখন ২০১৮ চনত মুক্তিপ্ৰাপ্ত “বধাই হো” ৰ চিকুৱেল ছবি; য’ত ৰাজকুমাৰ ৰাওঁৰ সৈতে অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিব ভূমি পেডনেকৰে।













