![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১০ হাজাৰ ১৯৭ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৪ লাখ ৬৬ হাজাৰ ৫৯৮।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩০১ জনৰ। তাৰ ভিতৰত ২১০ জনেই কেৰালাৰ। মহাৰাষ্ট্রত ৩৪, তামিলনাডুত ১৫ আৰু পশ্চিমবঙ্গত ১৪ জনৰ মৃত্যু হৈছ৷ বাকী সকলো ৰাজ্যত ১০ৰ কম।
বিগত ২৪ ঘণ্টাত সক্ৰিয় ৰোগী কমিছে ২ হাজাৰ ২৩৮। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ২৮ হাজাৰ ৫৫৫ জন।













