![]()
নিউজ ডেস্কঃ
সন্ত্রাসবাদত সহায় কৰাৰ বিষয়ত পাকিস্তানক পুনৰ কঠোৰ ভাষাৰে আক্রমণ কৰিলে ভাৰতে। মঙ্গলবাৰে ৰাষ্ট্রসংঘত ভাৰতৰ প্রতিনিধি কাজল ভাটে কয়, ‘পাকিস্তানৰ পৰা সীমান্তত যি সন্ত্রাসবাদ চলোৱা হৈছে, তাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ভাৰতে।’ বিশ্বজুৰি সন্ত্রাসবাদৰ সমাধানত ভাৰতৰ বক্তব্য, ‘অর্থপূর্ণ আলোচনা কৰাৰ বাবে সন্ত্রাস, হিংসা আৰু শত্রুতামুক্ত পৰিবেশৰ প্রয়োজন। এই পৰিবেশ গঠনৰ দায়িত্ব পাকিস্তানৰ।’
পাকিস্তানৰ উদ্দেশ্যে কঠোৰ বার্তা দি ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত কাজল ভাটে কয়, ‘ভাৰতে কিন্তু পাকিস্তানসহ সকলো দেশৰ লগতেই প্রতিবেশীৰ দৰে সাধাৰণ সম্পর্ক গঢ়িবলৈ আৰু বজায় ৰাখিবলৈ বিচাৰে। এই কামত যদি কোনো সমস্যা বা বাধাৰ সৃষ্টি হয়, তেন্তে চিমলা চুক্তি আৰু লাহোৰৰ ঘোষণা-পত্র অনুযায়ী এই বিষয়ত শান্তিপূর্ণভাবে দ্বিপাক্ষিক আলোচনা কৰা হ’ব। কিন্তু এই অর্থপূর্ণ আলোচনা কেৱল সন্ত্রাস, হিংসা আৰু শত্রুতামুক্ত পৰিবেশতেই হোৱা সম্ভৱ। এই পৰিবেশ গঠনৰ দায়িত্ব পাকিস্তানৰেই। যিমান দিন পাকিস্তানে সেই পৰিবেশ গঠন কৰিব নোৱাৰে, সিমান দিন পৰ্যন্ত ভাৰতে আন্তর্জাতিক সীমান্তত সন্ত্রাস দমনত কঠোৰ পদক্ষেপ গ্রহণ কৰিব।’













