![]()
নিউজ ডেস্কঃ
মাজ আকাশত অসুস্থ হৈ পৰা যাত্রীৰ চিকিৎসা কৰিলে কেন্দ্রীয় মন্ত্রী ভাগৱত কাৰাডে। মঙ্গলবাৰে ইণ্ডিগোৰ বিমানত ঘটনাটি ঘটে। সহকর্মীৰ কামত মুগ্ধ প্রধানমন্ত্রী নৰেন্দ্র মোদীও। ইণ্ডিগোৰ টুইটটো শ্বেয়াৰ কৰে মোদীৰ মুখত ভাগৱতৰ প্রশংসা।
ভাগৱত কেন্দ্রীয় বিত্ত ৰাজ্যিক মন্ত্রী। মহাৰাষ্ট্রৰ পৰা তেওঁ ৰাজ্যসভাৰ সাংসদ। পেছাত চিকিৎসক। মঙ্গলবাৰে তেওঁ দিল্লীৰ পৰা মুম্বাইলৈ গৈছিল। যাত্ৰাপথত বিমানক এজন যাত্রী অসুস্থ হৈ পৰে। তাকে দেখি ব্যক্তিজনৰ চিকিৎসা কৰে কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে। সংবাদ সংস্থা এএনআইয়ে ইয়াৰ ছবি শ্বেয়াৰ কৰিছে। ছবিত দেখা গৈছে বিমানৰ আসনত শুই আছে অসুস্থ যাত্রীজনে। ভাগৱতে তেওঁক পৰীক্ষা কৰিছে। মন্ত্রীজনে কয়, ‘ব্যক্তিজনৰ ৰক্তচাপ কমি গৈছিল। অতি ঘামিছিল।’
মন্ত্রীজনৰ পৰামর্শ অনুযায়ী গ্লুকোজ খুওৱাৰ পিছতেই সুস্থ হয় বিমানৰ যাত্রীজন। ইণ্ডিগোই নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা সমগ্ৰ ঘটনাৰ বিৱৰণ দি ধন্যবাদ জনাইছে কেন্দ্রীয় মন্ত্রীগৰাকীক। উক্ত টুইট শ্বেয়াৰ কৰি মোদীয়ে লিখে, ‘হৃদয়ত তেওঁ সদায় চিকিৎসক। ভাল কাম আমাৰ সহকর্মীৰ।’













