![]()
নিউজ ডেস্কঃ
গুৱাহাটী মহানগৰী ৰাজপথত উদণ্ড যুৱকৰ নিশা অতপালি।জয়ানগৰ ৱাকিং জ’নত কাৰ ৰেচিং কৰি ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত উদণ্ড যুৱকৰ।অসম লোকসেৱা আয়োগৰ ভৱনৰ সন্মুখত মঙলবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনাটো।এ এছ ০২ ডব্লিউ ০৪৩৫ নম্বৰ বিলাসী i20 আৰু এ এছ ০১ডিবি ৭৯৭৯ নম্বৰ বিলাসী ডাষ্টা বাহনৰ ৰেচৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।ৰেচিং কৰি যোৱাৰ বিলাসী i20 বাহনখনে বিপৰীতে দিশৰ পৰা গাখীৰ কঢ়িয়াই অনা এখন বলেৰ পিক আপৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
গাখীৰ লৈ অহা বলেৰখন ৰাস্তাতে বাগৰি পৰাৰ লগতে বিলাসী i20খনৰ সন্মুখ ভাগ সম্পূণ ক্ষতিগ্ৰস্ত হয়।ইফালে দুৰ্ঘটনা সংঘটিত কৰি এই ঘটনাস্থলী পৰা পলায়ন কৰে উদণ্ড যুৱকৰ দলটো।i20বাহন খনৰ দুগৰাকী আৰোহী আহত হোৱা বুলি জানিব দিছে আৰক্ষীয়ে। আহত দুয়োকেই ডাষ্টাৰখনৰ আৰোহীয়ে লৈ উধাও হয়।
প্ৰত্যক্ষদৰ্শী অভিযোগ অনুসৰি গাড়ী দুখন প্ৰায় ১৫০কিঃমিঃ বেগত আছিল।













