![]()
নিউজ ডেস্কঃ
কিন্তু অষ্ট্ৰেলিয়াৰ ওলোটা পুৰাণ! দেশখনত কোভিড টীকা লৈ ওলোটাই চৰকাৰকেই কাঠগড়াত থিয় কৰালে নাগৰিকসকলে। দাবী কৰিলে ক্ষতিপূৰণ।
অষ্ট্ৰেলিয়াৰ বহু নাগৰিকৰ দাবী, টীকা লৈ পার্শ্বপ্রতিক্রিয়া হৈছে তেওঁলোকৰ। ইয়াৰ বাবে ক্ষতিপূৰণৰ দাবী কৰিছে তেওঁলোকে। প্রায় ১০ হাজাৰ আবেদন জমা হৈছে। ক্ষতিপূৰণ দিবলৈ ৰাজী হৈছে দেশখনৰ চৰকাৰো। অষ্ট্ৰেলিয়া চৰকাৰে প্ৰায় ৫ হাজাৰকৈ অষ্ট্ৰেলীয় ডলাৰ ক্ষতিপূৰণ দিব। সকলো মিলাই প্ৰায় ৫০ মিলিয়ন অষ্ট্ৰেলীয় ডলাৰ খৰচ হ’ব ইয়াৰ বাবদ।
জানিব পৰা মতে টীকা লোৱাৰ পিছত জ্বৰ, মূৰৰ বিষ, হাত ফুলাৰ দৰে সমস্যাই দেখা দিছে। ৬৫ বছৰৰ বেছি বয়সীয়াসকলৰ পার্শ্বপ্রতিক্রিয়াই দেখা দিছে।
অৱশ্যে সকলোৱেই ক্ষতিপূৰণ নাপাব। যিসকলে টীকা লোৱাৰ পিছত অসুস্থ হৈ অন্তত এক নিশা হস্পিটে লতকটাইছে, তেওঁলোকেহে আবেদন কৰিব পাৰিব।













