![]()
মনোৰঞ্জনঃ
এগৰাকী পিতৃ আৰু কন্যাৰ সম্পৰ্ক কিমান গভীৰ আৰু মজবুত, সেয়া হয়টো একমাত্ৰ পিতৃ গৰাকীয়ে অথবা কন্যা গৰাকীয়েহে ক’ব পাৰে। আমি প্ৰায়ে শুনিবলৈ পাওঁ, “বাপেক চাই জীয়েক”। কথাষাৰৰ সাৰমৰ্ম নুবুজিলেও অৱশ্যে বহুকথাত কন্যাগৰাকীৰ বাবে ই এক প্ৰশংসাসুলভ মন্তব্য হৈ পৰে, যিয়ে উৎসাহিত কৰে তেওঁক। দেউতাকৰ কোলাত মূৰ থৈ সমগ্ৰ পৃথিৱীখনৰ ককৰ্থনা, লাঞ্চনা আদিক পাহৰিব পৰা যায়। কিন্তু সেই গৰাকী পিতৃ যেতিয়া আকস্মিকভাৱে কন্যাগৰাকীৰ মাজৰ পৰা আঁতৰি যায়, তেতিয়া সেই দুখখিনি তাই প্ৰকাশ কৰিব নোৱাৰে। অৱশ্যে, তাক প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈ পৰে। প্ৰতিটো সময়ত সুখ-দুখৰ হিচাপ দিয়া পিতৃ গৰাকীক হেৰুৱাই আধৰুৱা হৈ পৰে কন্যাগৰাকী। এই সমগ্ৰ আৱেগ-অনুভূতিক লৈ শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনক “বকুল ফুলা ৰাতি” শীৰ্ষক এটি নতুন গীতে মুক্তি লাভ কৰিছিল।
গীতটিত কণ্ঠদান কৰাৰ লগতে ইয়াত অভিনয় কৰিছে অনুৰাধা গগৈয়ে আৰু তেওঁৰ সৈতে আছে শাংকভ কৌশিক দাস, প্ৰিয়ান্সী কাশ্যপ লগতে নিভৃতি মহন্ত। প্রিয়ান্সী কাশ্যপৰ কাহিনীৰে সজোৱা এই গীতটোৰ ভিডিঅ’ পৰিচালনা চিত্ৰগৃহণ আৰু সম্পাদনাৰ দায়িত্বত আছে জিন্টু কুমাৰ কাশ্যপ। গীতটিত অন্তনিৰ্হিত মনোভাৱটিক উপস্থাপনত সক্ষম হৈছে নৱপ্ৰজন্মৰ পৰিচালক গৰাকী। গীতটিত কথা হিৰি জ্যোতি দাসৰ, সুৰ কৰিছে মৃন্ময় কলিতা আৰু সংগীত সুদৰ্শন বৰকটকীৰ। শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে দিগন্ত বৰদলৈ।













