![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১১ হাজাৰ ৯১৯ জন। বুধবাৰে সেয়া আছিল ১০ হাজাৰৰ ঘৰত। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৪ লক্ষ ৭৮ হাজাৰ ৫১৭।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪৭০ জনৰ। ইয়াৰ ভিতৰত কেৰালাতেই ৩৮৮ জনৰ মৃত্যু হৈছে। মহাৰাষ্ট্রত ৩২, তামিলনাডুত ১৩ জন। বাকী ৰাজ্যবোৰত দৈনিক মৃত্যু ১০ৰ কম।
ইফালে বিগত ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা বাঢ়িছে ২০৭ জন। বৰ্তমান দেশত সক্রিয় ৰোগী আছে ১ লক্ষ ২৮ হাজাৰ ৭৬২ জন।
দেশৰ দৈনিক আক্রান্তৰ আধাতকৈও বেছি কেৱল কেৰালাৰ। মহাৰাষ্ট্ৰত এক হাজাৰৰ আশেপাশে। তামিলনাডু আৰু পশ্চিমবঙ্গত ৭০০-৮০০ৰ ভিতৰত। মিজোৰামত এতিয়াও দৈনিক আক্রান্ত ৫০০ৰ বেছি। দেশৰ বাকী ৰাজ্যবোৰত অৱশ্যে ৫০০ৰ তললৈ নামিছে দৈনিক সংক্রমণ।













