![]()
নিউজ ডেস্কঃ
আন্তর্জাতিক আদালতৰ সিদ্ধান্তকেই মান্যতা দিলে পাকিস্তানৰ সংসদে। সংসদত গৃহীত হোৱা নতুন বিধেয়ক মতে, কুলভূষণ যাদৱে তেওঁৰ বিৰুদ্ধে চলা গোচৰ পুনর্বিবেচনাৰ আবেদন কৰিব পাৰিব। উল্লেখ্য, চলিত বছৰৰ ১০ জুনত কুলভূষণ যাদৱৰ গোচৰটিক সন্মুখত ৰাখি সংসদত পর্যালোচনা আৰু পুনর্বিবেচনা আইন বিধেয়ক অনা হয়।
অৱশেষত উক্ত বিধেয়ক কার্যকৰী হয় বুধবাৰে। যাৰ জৰিয়তে পাকিস্তানে মান্যতা দিলে আন্তর্জাতিক আদালতৰ নির্দেশক।













