![]()
মনোৰঞ্জনঃ
যমজ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী প্রীতি জিন্টা। তেওঁ আৰু স্বামী জেন গুডএনাফ এটি পুত্র আৰু এটি কন্যা সন্তানৰ মাতৃ-পিতৃ হ’ল। ছেৰোগেছী অৰ্থাৎ ভাৰাতীয়া গৰ্ভৰ জৰিয়তে মাতৃ হ’ল ৪৬ বছৰীয়া অভিনেত্ৰীগৰাকী। পুত্ৰৰ নাম ৰাখিছে জয় জিন্টা গুডএনাফ আৰু কন্যাৰ নাম জিয়া জিন্টা গুডএনাফ।
https://www.instagram.com/p/CWZ93DyrYZU/?utm_source=ig_web_copy_link
বৃহস্পতিবাৰে প্রীতি আৰু তেওঁৰ স্বামী জেনৰ ছবি ইনষ্টাগ্রামত পোষ্ট কৰি লিখে, ‘আপোনালোক সকলোকে এটি সুখবৰ দিব বিচাৰিছো। মই আৰু জেন অতি আনন্দিত। স্বাগতম জনাইছো আমাৰ দুই সন্তান জয় আৰু জিয়াক। আজিৰ পৰা আমাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ।’
প্রীতি জিন্টাই ধন্যবাদ জনাইছে ছেৰোগেছী প্রক্রিয়াত সহায় কৰা সকলো চিকিৎসক-নাৰ্ছক।













