![]()
নগাঁওঃ
নগাঁও চহৰৰ মাজমজিয়াত স্হিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয় চৌহদত থকা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আজি এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ।
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ হিতেশ ডেকাৰ উদ্যোগত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত নগাঁৱৰ সমাজ, শৈক্ষিক, সাংস্কৃতিক,সাহিত্য-সংবাদ,ক্ৰীড়া আদি ক্ষেত্ৰৰ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি উপাচাৰ্যৰে মত বিনিময় কৰে । বিশেষকৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ আন্ত: গাঁথনি, শৈক্ষিক মানদণ্ড, আৰ্থিক সবলীকৰণ, গণ সম্পৰ্ক, সামাজিক দায়বদ্ধতা আদি সকলো দিশ সামৰি মতবিনিময় কৰা হয়।
মত বিনিময় অনুষ্ঠানত অংশ লৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়ত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰি কয় : “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক এখন উন্নতমানৰ জাকতজিলিকা বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ এক সপোন মোৰ আছে। সেয়ে মোৰ বিধায়কৰ কৰ্ম সূচীত এইখন বিশ্ববিদ্যালয়ৰ নাম প্ৰথমতে থাকিব।” বিধায়ক শৰ্মাই নগাঁও চহৰৰ পৰা ধিঙলৈকে গড়কাপ্তনী পথতো আহল বহল আৰু সুন্দৰ ভাবে নিৰ্মাণ কৰাৰ লগতে মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানাক নতুন ৰূপত গঢ় দিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে ।
কথোপকথন অনুষ্ঠানৰ আৰম্ভনিতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড: হিতেশ ডেকাই অনুষ্ঠানত অংশ গ্ৰহণ কৰা কেবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ , বিশিষ্ট শিক্ষাবিদ, দল সংগঠনৰ প্ৰতিনিধি , সাংবাদিক আদিক আদৰনী জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি কয়- মহাপুৰুষ জনাৰ সৃষ্টি ৰাজি সমাজৰ সকলো স্তৰৰ লোকৰ মাজলৈ লৈ যাব লাগিব । গুৰু জনাৰ আদৰ্শৰে আজি আমি প্ৰতিষ্ঠিত হৈছো ।তেওঁ লগতে কয় যে বিশ্ববিদ্যালয়খনৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছে ।
নগাঁৱৰ সমাজখনৰ লগত সেতু বন্ধন স্থাপন কৰি বিশ্ববিদ্যালয়খনৰ উন্নতি কৰিব পৰা যাব।অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সংঘৰ সেই সময়ৰ পদাধিকাৰ কৰুণা কান্ত কলিতাই আঁচনি ঘোষনা কৰাৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয় আইন চৰকাৰে কিদৰে প্ৰনয়ন কৰে , কিদৰে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হল , বিদ্যায়তনিক দিশ , আৰ্থিক দিশ আদিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে ।
মত বিনিময় অনুষ্ঠানত শিক্ষাবিদ মহেন্দ্ৰ আহোম , গোপীনাথ দেৱ গোস্বামী বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শিৱৰঞ্জন মহন্ত , খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ৰমেশ নাথ , গল্লকাৰ শিৱানন্দ কাকতি , নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বৰা , সম্পাদক প্ৰাগজ্যোতিষ বনিয়া , সাংবাদিক কনক হাজৰিকা, জিতেন বৰকটকী , নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক প্লাৱন বৰুৱাৰ লগতে যুক্তি নাথ খাউণ্ড , পাৰভেছ হুছেইন আদিয়ে ভাষন প্ৰদান কৰি ছাত্র- ছাত্ৰী সকলক সামাজিক দ্বায়বদ্ধশীল কৰি তোলাৰ পাঠদান , অসমৰ সাংস্কৃতিক জ্ঞান দান , গৱেষনা কেন্দ্ৰ প্ৰতিষ্ঠা , নাম ভৰ্ত্তি মাচুল যুক্তি সংগত কৰা , কেম্পাচ প্লেচমেণ্ট , কাউঞ্চেলিং চেণ্টাৰ , শংকৰদেৱ – মাধৱদেৱ চৰ্চাৰ সকলো সমল প্ৰাপ্ত গ্ৰন্থগাৰ গঢ়ি তোলা , চিত্ৰকলা-চিনেমা সত্ৰীয়া নৃত্য কেন্দ্ৰ প্ৰতিষ্ঠা কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ সকলোতে বিশ্ববিদ্যালয় বাৰ্তাৰ প্ৰসাৰ কৰা , শংকৰদেৱ কেন্দ্ৰীক পুস্তিকা প্ৰসাৰ আৰু বিতৰনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে। তদুপৰি আলোচনা চক্ৰ , ডিজিটেল শ্ৰেণী কোঠাৰ ব্যবস্থা কৰা আদিৰ বিষয়ে পৰামৰ্শ দিয়ে ।
মত বিনিময় অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড: মৃণাল কুমাৰ বৰাই আদৰণি ভাষন প্ৰদান কৰাৰ লগতে পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলাই ভাষন প্ৰদান কৰে।অনুষ্ঠানতে অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী তিলোত্তমা কোঁৱৰ নেওগে বিশ্ববিদ্যালয়খনলৈ এক লাখ টকা অনুদান প্ৰদানৰ ইচ্ছা ব্যক্ত কৰে ।













