![]()
স্বাস্থ্য প্ৰতিবেদনঃ
এতিয়া বগৰীৰ বতৰ। শীতকাল মানেই বগৰীৰ জুতি লোৱাৰ সময়। বগৰীৰ আছে বহু উপকাৰী গুণ। চাওঁ আহক বগৰীৰ কি কি গুণ আছে।
* শৰীৰ গৰম হ’লে, বগৰী খালে শীতল হয়।
* বগৰী খালে মানসিক উদ্বেগ কমায়।
* বগৰী উচ্চ ৰক্তচাপৰ বাবে অতি উপকাৰী।
* বগৰীয়ে বল, বীৰ্য বৃদ্ধি কৰে। দূষিত তেজ পৰিষ্কাৰ কৰে।
* বগৰীয়ে মগজু, স্নায়ু, শৰীৰ শীতল কৰে।
* বগৰী খালে তেজৰ চলাচল নিয়মমীয়া কৰি ৰাখে।
* বগৰীয়ে টোপনি সুন্দৰ কৰে।
* শুকান বগৰীয়ে পিত্তৰ বাবে হোৱা প্ৰদাহ, ক্ষয় ৰোগ নিৰাময় কৰিব পাৰে।
* হাড় মজবুত কৰে। বগৰীৰ শাহটোৱে ডায়েবেটিচ ৰোগৰ বাবে হোৱা নিৰ্ভৰ দুৰ্বলতা দূৰ কৰিব পাৰে।
* বগৰীত ভিটামিন চি, ডি, ই, পটাছিয়াম, মেগনেছিয়াম, জিংক, ফলেট ফাইবাৰ এন্টিঅক্সিডেন্ট আদি অনেক বিভিন্ন উপাদান সমূহ পোৱা যায়।
* বগৰীৰ পকা বা কেচা আঞ্জা কৰি খালে ৰুচি বঢ়ায়।
* বগৰী খালে কোষ্ঠকাঠিন্য দূৰ কৰে। বগৰীৰ চৰবতে শৰীৰ সতেজ কৰে।
* বগৰীত থকা উপকাৰী উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
* বগৰীৰ কুমলীয়া পাত সৈন্ধৱ লোণৰ লগত ভাজি খালে স্বৰভংগ ৰোগ নিৰাময় হয়।
* বগৰীৰ কুমলীয়া পাত, মধুৰিআমৰ কুমলীয়া পাত, আৰু কাচকলৰ আঞ্জা কৰি খালেও ডায়েৰীয়া নিৰাময় হয়।
* বগৰীৰ কুমলীয়া পাত পিহি চুলিত লগালে চুলি সুন্দৰ আৰু মিহি উজ্জ্বল হৈ পৰে।













