![]()
নিউজ ডেস্কঃ
যৌন কেলেঙ্কাৰীত উত্তাল অষ্ট্ৰেলিয়ান ক্রিকেট। ফলত পদত্যাগ কৰিবলগা হ’ল টেষ্ট দলৰ অধিনায়ক টিম পেনে। তেওঁৰ বিৰুদ্ধেই যাৱতীয় অভিযোগ কৰিছে ক্রিকেট অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলা কর্মচাৰীয়ে। বিষয়টো গৈছে অষ্ট্ৰেলিয়াৰ মানৱ অধিকাৰ আয়োগলৈও।
শুক্রবাৰ এক সংবাদমেলত পদত্যাগৰ কথা নিজে জনায় পেনে। ক্রিকেট অষ্ট্ৰেলিয়ালৈ তেওঁ পদত্যাগ-পত্র প্ৰেৰণ কৰিছে। অষ্ট্ৰেলিয়ান ত্রিকেট বোৰ্ডে সেয়া মানি লৈছে।
ঘটনাটো ২০১৭ চনত ব্রিছবেনৰ গাব্বাত এছেজৰ প্রথম টেষ্টৰ দিনা আৰু তাৰ আগদিনাৰ। অষ্ট্ৰেলিয়াৰ ‘হেৰাল্ড ছান’ সংবাদপত্রৰ খবৰ অনুযায়ী, পেনে এগৰাকী মহিলা কর্মচাৰীলৈ নিজৰ কিছু অশ্লীল ছবি প্ৰেৰণ কৰে। যৌন সম্পর্কত লিপ্ত হোৱাৰ বাবে প্রকাশৰ অযোগ্য কিছু ভাষাত মেছেজ পঠায়।
২০১৮ চনৰ জুন মাহত উক্ত মহিলাগৰাকীয়ে বিষয়টি ক্রিকেট অষ্ট্ৰেলিয়াক জনায়, পেনৰ বিৰুদ্ধে অভিযোগ আনে।
অষ্ট্ৰেলিয়াৰ মানৱ অধিকাৰ আয়োগতো পেনৰ বিৰুদ্ধে যৌন নিগ্রহৰ অভিযোগ আনে মহিলাগৰাকীয়ে। ক্রিকেট অষ্ট্ৰেলিয়াই তদন্ত আৰম্ভ কৰে।
শুক্রবাৰে নিজৰ অপৰাধ স্বীকাৰ কৰি পেনে অষ্ট্ৰেলিয়ান টেষ্ট দলৰ অধিনায়কৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়। পৰিয়ালৰ ওচৰতো তেওঁ ক্ষমা বিচাৰে।













